পপকৰ্নতো মোদীৰ চকু পৰিল

নিৰ্মলা সীতাৰমণৰ এটা সিদ্ধান্তয়েই জোকাৰি পেলালে দেশৰ গাড়ীৰ বজাৰক৷ পুৰণি বাহন বিক্ৰীৰ বেপাৰ পৰিত্যাগ কৰিবলৈ বাধ্য হ’ল ব্যৱসায়ী৷ বিত্তমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত জি এছ টি আয়োগৰ শেহতীয়া বৈঠকত যি সিদ্ধান্ত গৃহীত হ’ল, তাৰ ফলত সৰ্বনাশ হৈছে বেপাৰীৰ৷
সীতাৰমণে বলৱৎ কৰা নীতি অনুযায়ী যদি এখন ব্যৱহৃত গাড়ী গৰাকীয়ে বিক্ৰী কৰে, তেন্তে ১৮ শতাংশ GST দিব লাগিব৷ অৰ্থাৎ আপুনি যদি নিজৰ বাহনখন ৫ লাখ টকাত আনক বেচে, তেতিয়া হ’লে ৯০ হাজাৰ টকা কৰ দিয়াটো বাধ্যতামূলক৷
ছেকেণ্ডহেণ্ড গাড়ীত ১৮ শতাংশ GST বলৱৎ কৰাৰ বাবে বাঢ়িছে কৰৰ পৰিমাণ৷ কিন্তু সীতাৰমনে এই নীতি প্ৰয়োগ কৰাৰ লগে লগে স্বাভাৱিকতে দেশৰ ৩২ হাজাৰ বিলিয়ন ডলাৰ মূল্যৰ পুৰণি বাহনৰ বজাৰত জোকাৰণি উঠিছে৷
বৰ্তমান অনলাইনৰ মাধ্যমেৰে ছেকেণ্ডহেণ্ড গাড়ীৰ ব্যৱসায় কৰা প্ৰতিষ্ঠানেও লোকচানৰ ভয়ত সামৰিছে বজাৰ৷ শেহতীয়া খবৰ অনুসৰি ট্ৰুভেল্যুৰ দৰে প্ৰতিষ্ঠানেও ব্যৱসায় সীমিত কৰিবলৈ সিদ্ধান্ত লৈছে৷ একেদৰে পপকৰ্নতো আৰোপিত হাস্যকৰ কৰে বজাৰ কৰিছে অস্থিৰ৷
সিদ্ধান্ত অনুসৰি পেকেজিং নকৰা পপকৰ্নৰ কৰ হৈছে ৫ শতাংশ৷ কিন্তু একেবিধ সামগ্ৰীয়েই নিমখীয়াকৈ পেকেজিং কৰিলে GST হ’বগৈ ১২ শতাংশ৷ মিঠা সোৱাদৰ পপকৰ্নৰ কৰ ১৮ শতাংশ নিৰ্ধাৰণ কৰা হৈছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email