মাটিত ৰাছেল ভাইপাৰ, পানীত বিপজ্জনক ৰহিংগ্যা মাছ

ৰহিংগ্যা মাছেৰে ভৰ্তি হৈছে অসমৰ নদী৷ স্থলভাগত যিদৰে ৰাছেল ভাইপাৰ সন্ত্ৰাসৰ নাম হৈ পৰিছে, সেইদৰে জলভাগতো ভয়ৰ কাৰণ হৈ পৰিছে ৰহিংগ্যা মাছ৷ চেঙেলীৰ আকৃতিৰ বিদেশী মাছবিধে ধ্বংস কৰিছে পুখুৰী৷
ৰহিংগ্যা বুলি নাম পোৱা মাছবিধৰ আচল নামটো হৈছে ছুইপাৰ ফিছ৷ ছাকাৰ ফিছ বুলিও বিদেশত মাছবিধক জনা যায়৷
ছুইপাৰ ফিছ একুৱাৰিয়ামৰ বাবে উপযোগী৷ দৰাচলতে আৱৰ্জনা ভক্ষণ কৰি একুৱাৰিয়াম পৰিষ্কাৰ কৰি ৰাখিবলৈ মাছবিধ ৰখা হয়৷ কিন্তু এটা মাছহে একুৱাৰিয়ামত ৰাখিব পাৰি৷
ছুইপাৰ ফিছ খোৱাৰো অনুপযোগী৷ মাছবিধৰ শৰীৰ শুকান গছৰ দৰে কঠিন৷ ফলত কাটিলেও দা-কটাৰ ভোদা হৈ যায়৷ ছুইপাৰ ফিছৰ একো সোৱাদেই নাই৷
বিগত সময়ত অসমৰ ঠায়ে ঠায়ে অচিনাকি মাছ উদ্ধাৰৰ বাতৰি ওলাইছিল৷ কিন্তু সেই অচিনাকি মাছবিধেই আছিল ছুইপাৰ ফিছ৷ একুৱাৰিয়ামৰ পৰা মেলি দিয়াৰ ফলত অসমৰ জলাশয়ত মাছবিধ উদ্ধাৰ হৈছিল৷
এইবিধ মাছৰ দাঁতো পীৰানহাৰ দৰেই চোকা৷ ফলত ছুইপাৰ ফিছে আন মাছ বা জলজ প্ৰাণীক খাই পেলায়৷
বাংলাদেশৰ জনতাই ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী ৰহিংগ্যাৰ নামেৰে নামকৰণ কৰা মাছবিধৰ অসমলৈ ভয়ংকৰ হাৰত প্ৰৱেশ ঘটিছে৷
মাছমৰীয়াই আমাক জনোৱা মতে শোণিতপুৰৰ জীয়াভৰলী, নামনি অসমৰ বেঁকীৰ লগতে সোৱণশিৰিতো পোৱা গৈছে ছুইপাৰ ফিছ৷ এই মাছবিধে বছৰি প্ৰায় ৩০০ কণী পাৰে৷ ফলত এবছৰতে ছুইপাৰ ফিছৰ সাংঘাতিক সংখ্যা বৃদ্ধি হয়৷
কিন্তু ছুইপাৰ ফিছে খাই সাং কৰে আন মাছ বা জলচৰ প্ৰাণী৷ নগাঁও, শোণিতপুৰ আৰু লখিমপুৰৰ পৰা আমি লাভ কৰা খবৰ অনুসৰি ঘৰুৱা পুখুৰীতো ওলাইছে ছুইপাৰ ফিছ৷
আনহাতে বাংলাদেশৰ বুঢ়ীগংগা নদী ছুইপাৰ ফিছেৰে ভৰ্তি হৈছে৷ ফলত নোহোৱা হৈ গৈছে আন মাছ-কাছ৷ কিন্তু নদীয়ে নদীয়ে আহি অসমত ছুইপাৰ ফিছৰ সংখ্যাবৃদ্ধি ঘিছে বুলি প্ৰকাশ কৰিছে মাছমৰীয়াই৷
তেওঁলোকে কৰা অনুমান অনুসৰি সোৱণশিৰিত ছুইপাৰ ফিছৰ বাবেই থলুৱা মাছ নোহোৱা হৈছে৷ কাৱৈ-গৰৈও খাই শেষ কৰিছে ৰহিংগ্যা মাছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email