অসহায় হৈ পৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা
কোনো কথাতে হাৰ নমনা অসমৰ মুখ্যমন্ত্ৰীয়ে এইবেলি পৰাজয় স্বীকাৰ কৰিছে৷ কেমেৰাৰ সন্মুখতে তেওঁ ডিব্ৰুগড়ত কৈছে- মই কি কৰিম কওক!
ডিব্ৰুগড়ত কেবিনেট বৈঠকৰ পিছত সাংবাদিকৰে মুখামুখি হৈছিল হিমন্ত বিশ্ব শৰ্মা৷ তেতিয়াই তেওঁক সোধা হৈছিল বান্দৰৰ কথা৷
বৰ্তমান ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি বিধ্বস্ত কৰা বান্দৰৰ উপদ্ৰৱৰ বিষয়ে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰা হৈছিল৷ কিন্তু তেতিয়াই অসহায় হৈ পৰিল মুখ্যমন্ত্ৰী৷
তেওঁ ক’লে- মই কি কৰিম কওকচোন
মাৰিওতো পেলাব নোৱাৰোঁ!
কিন্তু অসমত বান্দৰৰ ক্ৰমবৰ্ধিত উপদ্ৰৱৰ বিষয়ে ৰাইজৰ পৰা তেওঁ পৰামৰ্শ বিচাৰিছে৷ প্ৰশ্নকৰ্তাকো বান্দৰৰ সমস্যা সমাধানৰ বিষয়ে চিন্তা কৰিবলৈ তেওঁ আহ্বান জনাইছে৷
কিন্তু আমি বাৰম্বাৰ উত্থাপন কৰা সমস্যা সমাধানৰ বাবে আছে কেবাটাও পথ৷ বিশেষকৈ বৰ্তমান বান্দৰৰ বন্ধ্যাকৰণ হৈ পৰিছে অত্যন্ত প্ৰয়োজনীয়৷
অন্যথা কিন্তু অসমত বান্দৰৰ সংখ্যাহে মানুহতকৈ অধিক হ’ব৷ গাঁও দখল কৰিব বান্দৰে৷