মিঞা নথকাৰ বাবে যে কেনে সমস্যা হৈছে সেয়া নিজেই দেখিলে৷
কিন্তু মুখ্যমন্ত্ৰীয়ে ভবাই নাছিল৷ যেতিয়া দেখিলে তেতিয়াই হৈ পৰিল আচৰিত৷ ডিব্ৰুগড় ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ খঙেই উঠি গ’ল৷
সৰুসজাইৰ আৰ্হিত ডিব্ৰুগড় চহৰৰ খনিকৰত এটা ষ্টেডিয়াম সাজি থকা হৈছে৷ নিৰ্মাণৰ ঠিকা লাভ কৰিছে গৌতম কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে৷ খনিকৰত নিৰ্মীয়মান ষ্টেডিয়ামোৰ কাম বৰ্তমান স্থবিৰ হৈ পৰিছে৷
ডিব্ৰুগড় ভ্ৰমণৰ সময়ত সংগীসহ মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটো পৰিদৰ্শন কৰিছিল৷ তেতিয়া তেওঁ কাম খৰ কৰিবলৈ নিৰ্দেশ দিছে৷
কিন্তু নিৰ্মাণকাৰী প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি ষ্টেডিয়ামৰ কাম লেহেমীয়া হোৱাৰ কাৰণ হৈছে শ্ৰমিকৰ অভাৱ৷ মিঞা শ্ৰমিকক খেদি দিয়াৰ পিছত কাম কৰিবলৈ মানুহ নোহোৱা হৈছে৷
সেয়ে প্ৰায় বন্ধই হৈ গৈছে ষ্টেডিয়াম নিৰ্মাণৰ কাম৷ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে গোপনীয়তাৰ চৰ্তত সদৰী কৰা অনুযায়ী মিঞা শ্ৰমিক নথকাৰ বাবে বহুতো কাম কৰিব পৰা নাই৷ তেওঁলোকে বিগত সময়ত অসমীয়া বনুৱাৰেই কাম কৰোৱাৰ চেষ্টা চলাইছিল৷ কিন্তু কোনো কামেই ভালকৈ কৰিব নোৱাৰিলে অসমীয়া লেবাৰে৷
মিঞা নথকাৰ বাবেই ডিব্ৰুগড়ত আচৰিত হ’বলগীয়া হ’ল মুখ্যমন্ত্ৰী৷ তাৰ পিছতে মিঞা শ্ৰমিক নি হ’লেও ততালিকে কাম সম্পূৰ্ম কৰিবলৈ গৌতম কনষ্ট্ৰাকশ্যন সাজু হৈছে৷ কাৰণ মুখ্যমন্ত্ৰীয়ে দিছে এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ৷