আপুনি জানি আচৰিত হ’ব, কেৱল গুৱাহাটীতে দিন ৬ হাজাৰ শ্ৰমিকৰ প্ৰয়োজন হয়৷
আমাৰ প্ৰতিনিধিৰ সহায়ত কৰা সমীক্ষা অনুসৰি ডিব্ৰুগড় চহৰত সকলো কৰ্মক্ষেত্ৰ সামৰি দৈনিক ২৫০০ শ্ৰমিকৰ প্ৰয়োজন হয়।
সেইদৰে তেজপুৰতো দৈনিক ২৫০০ শ্ৰমিকে মজুৰী কৰে৷ গতিকে ভাবক, তেজপুৰৰ দৰে এখন সৰু চহৰতে সদায় শ্ৰমিকৰ বাবে চহৰৰ বাসিন্দাই ১ লাখৰো বেছি টকা খৰচ কৰে৷
সেইদৰে গুৱাহাটীতো সদায় দিন হাজিৰা কৰা শ্ৰমিকক দিয়া হাজিৰাৰ ধনৰ পৰিমাণ ৩ লাখৰো বেছি৷
কিন্তু আমি প্ৰশ্ন কৰিছিলোঁ এই ধনৰাশি কোনে লাভ কৰে?
গুাৱাহাটীত সমীক্ষাৰ সময়ত আমি লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ ৮৩ শতাংশ শ্ৰমিক হৈছে মিঞা যুৱক৷ তেওঁলোকেৰ বেছিভাগেই হাতীগাঁৱত ৰূম ভাৰা লয়৷
ইয়াৰে আকৌ ৫২ শতাংশই হৈছে মানকাচৰৰ৷ অৰ্থাৎ গুৱাহাটীত দিন হাজিৰা কৰা বেছিভাগ লোকৰ মজুৰীৰ ধনেই মানকাচৰলৈ সৰবৰাহ হয়৷
এতিয়া আমি লাভ কৰা তথ্য অনুসৰি কেৱল কিছু পৰিমামৰ ধনহে গুৱাহাটীত দিন মজুৰী কৰা বড়ো আৰু ৰাভা সম্প্ৰদায়ৰ যুৱকে লাভ কৰে৷ বেছিভাগেই যায় মিঞাৰ পকেটলৈ৷