মৰম হাৰি গ’ল, জিকিল কেঞ্চাৰ
কিন্তু মৰিও অমৰ হ’ল বিবেক নামৰ যুৱকজন৷ পত্নীৰ এসাগৰ মৰম বুকুত বান্ধি তেওঁ গুচি গ’ল৷
সৃজনা ছুবেদীৰ প্ৰেমেও অদৃষ্টৰ হিয়া গলাব নোৱাৰিলে৷ তিনিবছৰীয়া কঠিন যাত্ৰাৰ পিছত অদৃষ্টই সৃজনাৰ বুকুৰ পৰা কাঢ়ি লৈ গ’ল বিবেকক৷
বিবেক আৰু সৃজনাক অৱশ্যে কোনেও চিনি নাপায়৷ তেওঁলোকৰ বসতিস্থল হৈছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকা৷
বিবেক পাংগেনি নামৰ যুৱকজনে জৰ্জিয়া বিশ্ববিদ্যালয়ৰ পদাৰ্থবিদ্যা আৰু জ্যোতিৰ্বিজ্ঞানৰ ডিগ্ৰীধাৰী৷ সৃজনা ছুবেদী নামৰ যুৱতীগৰাকীৰে ঠিকেই চলি আছিল তেওঁৰ সংসাৰ৷ কিন্তু সংসাৰ মধুময় হৈ পৰাৰ সময়তে ভগৱানৰ হিংসা জন্মিল৷
তিনিবছৰৰ পূৰ্বে কেঞ্চাৰত আক্ৰান্ত হ’ল বিবেক৷ তথাপি কিন্তু হাৰি নগ’ল সৃজনা৷
প্ৰাণৰ মানুহজনক জীয়াই ৰাখিবলৈ পৰা সকলো কামেই কৰিলে তেওঁ৷ প্ৰতিমুহূৰ্ততে বিবেকৰ সাহস হিচাপে তেওঁ থিয় হৈ থাকিল৷
অসুস্থ বিবেকক হস্পিতেলৰ শয্যাতে সাবটি সৃজনাই সাহস দিলে৷ কেম’থেৰাপীয়ে বিবেকৰ চুলি সৰাই পেলোৱাৰ সময়তো কাষতে থাকিল সৃজনা৷
কেঞ্চাৰে অসাৰ কৰি পেলোৱা বিবেকৰ জন্মদিনো পাতিলে সৃজনাই৷ তেওঁক সুখী কৰিবলৈ সৃজনাই যে কিমান চেষ্টা কৰিলে তাৰ কোনো হিচাপেই নাই৷
কিন্তু জীৱন বলীউডৰ চিনেমাৰ দৰে নহয়৷ সেয়ে সৃজনাৰ মৰমবোৰ এৰি অজান্তি মুলুকলৈ গ’লগৈ বিবেক৷
মৰমবোৰ হাৰি গ’ল, জিকিল অদৃষ্ট৷