চিল্লাই কলনৰ পিছত বচ্চা কলন

দেশজুৰি উৎকট শীতপ্ৰবাহৰ সময়ত চিল্লাই কালানে গ্ৰাস কৰিছে কাশ্মীৰ৷ ৯০ বছৰৰ পিছত প্ৰান্তীয় প্ৰদেশত পাৰাস্তম্ভ সৰ্বনিম্ন পৰ্যায়লৈ অৱনমিত হৈছে৷ স্থানীয় ভাষাত চিল্লই কলন বুলি জনাজাত শীতপ্ৰবাহে কাশ্মীৰ উপত্যকাক কৰি তুলিছে বৰফাবৃত৷
শতিকাৰ অন্তত এইবাৰ অঞ্চলটোৰ তাপমান মাইনাছ ৮.৫ ডিগ্ৰী ছেলছিয়াচলৈ অৱনমিত হৈছে৷ গতিকে কামত নহা হৈছে কাশ্মীৰত ব্যৱহৃত বুখাৰিও৷ শীতকালৰ পৰিৱেশ উপভোগ্য হৈ পৰা উপত্যকাত ১৯৯০ চনত তাপমাত্ৰা হৈছিল মাইনাছ ৮.৫ ডিগ্ৰী ছেলছিয়াচ৷ তাৰ পূৰ্বে ১৯৩৪ চনতে কাশ্মীৰত মাইনাছ ১২.৮ ডিগ্ৰী ছেলছিয়াচে পেপুৱা লগাইছিল জনতাক৷
কিন্তু এইবাৰ চলিত দশকত এইবাৰেই সবাতোকৈ শীতাৰ্ত ডিচেম্বৰত জনতা ঠেঁটুৱৈ লাগিছে৷ কাশ্মীৰৰ ছ’পিয়ান আৰু অনন্তনাগত উষ্ণতা মাইনাছ ১০.৫ ডিগ্ৰী ছেলছিয়াচৰ তললৈ নিম্নগামী হৈছে৷ পৰ্যটকৰ আকৰ্ষণ ডাল হ্ৰদত নাইকিয়া হৈছে এটোপো পানী৷
সমগ্ৰ হ্ৰদতো বিৰাট আকাৰৰ বৰফৰ খণ্ডলৈ পৰ্যৱসিত হৈছে৷ শীতপ্ৰবাহৰ সমানে কাশ্মীৰত হৈছে তুষাৰপাত৷ বিগত বৰ্ষত হ্ৰাসমান বৰফপাতে পৰিৱেশবিদক চিন্তিত কৰিছিল৷ পিছে এইবাৰ ডিচেম্বৰৰ পৰা তুষাৰৰ শুভ্ৰ দলিচাই সমগ্ৰ কাশ্মীৰ ছানি ধৰিছে৷ স্থানীয় বিশ্বাস অনুসৰি চিল্লই কলনৰ ম্যাদ হৈছে ৪০ দিন৷
অৰ্থাৎ অনাগত এমাহলৈ কাশ্মীৰত অব্যাহত থাকিব প্ৰবল তুষাৰপাত আৰু শীত৷ তাৰ পিছ ২০ ফেব্ৰুৱাৰীৰ পৰা উপত্যকাটোত চিল্লই বাচ্চা অথবা কম শীতপ্ৰবাহ আৰম্ভ হ’ব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email