কেতিয়া সানিব মাহ-হালধি

জানমণিৰ বিয়া হোৱা নাই
এতিয়ালৈ অকলশৰীয়া হৈ আছে জানমণি শ্যামন্তিকা শৰ্মা৷ অৱশ্যে সকলো ঠিকে থাকিলে ফেব্ৰুৱাৰীত শ্যামন্তিকাৰ বিবাহ অনুষ্ঠিত হ’ব৷
য’ত দৰা হ’ব প্ৰয়াত পৰিচালক মুনিন বৰুৱাৰ পুত্ৰ মানস৷ অসমীয়া চিনেমাৰ জনাজাত পৰিচালক ভাইমনদাৰ পুত্ৰক স্বামীবৰণ কৰিব শ্যামন্তিকাই৷
সেয়ে বৰ্তমান তিক্ত অতীতক পাহৰি পেলাবলৈ বিচাৰিছে শ্যামন্তিকাই৷ এসময়ক কঁকাল ভাঙি বিহু নাচি দৰ্শকক উন্মনা কৰি তোলা জানমণিৰ আছে বিষাদময় অতীত৷
দীৰ্ঘ প্ৰেমৰ পিছতো শ্যামন্তিকাই বাছি লোৱা স্বামীয়ে তেওঁক কৰিছিল প্ৰতাৰণা৷ সেয়ে সংসাৰ ভাঙি উভতি আহিছিল শ্যামন্তিকা৷
কিন্তু এতিয়া মুনিন বৰুৱাৰ পুত্ৰ মানসৰ মাজত নিজে বিচৰা সকলো গুণ দেখিছে শ্যামন্তিকাই৷ তেওঁ ফেব্ৰুৱাৰীত থিৰাং কৰিছে বিবাহ৷
মাজতে ভাবী স্বামীৰ সৈতে অসমৰ বাহিৰৰ পৰাও ফুৰি আহিলগৈ শ্যামন্তিকা৷ হ’বলগীয়া স্বামীৰ সৈতে এতিয়াও ভ্ৰমণত ব্যস্ত আছে অভিনেত্ৰীগৰাকী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email