ঊৰ্বশী ৰাউটেল্লাক গুৰুত্বই নিদিলে ঋষভ পণ্টে৷ প্ৰেম নিবেদন প্ৰত্যাখ্যান কৰি ঊৰ্বশীৰ হৃদয় ভাঙিলে ঋষভে৷
কিন্তু ধ্যানৰত ঋষিৰ দৰে ঊৰ্বশীক উপেক্ষা কৰিলেও শৈশৱৰে বান্ধৱীৰ প্ৰেমত উন্মনা হৈ পৰিছে ঋষভ৷ বেষ্টফ্ৰেইণ্ড ঈষা নেগীৰ সৈতে সংসাৰ তৰাৰ সপোন দেখিছে ঋষভে৷
সুন্দৰী যুৱতীগৰাকী হৈছে ইণ্টেৰিঅ’ৰ ডিজাইনাৰ৷ তেওঁৰ ঘৰো ডেৰাডুনতে৷ ঋষভ পণ্টৰ সৈতে একেখন কলেজতে পঢ়িছিল ঈষাই৷
কিন্তু বহুদিন তেওঁলোকৰ মাজত সম্পৰ্ক নাছিল৷ ঋষভ ক্ৰিকেটত ব্যস্ত হৈ পৰাৰ সময়ত ঈষাই এমিটী ইউনিভাৰ্ছিটীত অভ্যয়ন কৰিলে৷ তেওঁ পঢ়িলে ইণ্টেৰিঅ’ৰ ডিজাইনিঙৰ পাঠ্যক্ৰম৷
কিন্তু ঋষভ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত দুয়োৰে যোগাযোগ আকৌ আৰম্ভ হৈছিল৷ অসুস্থ পণ্টৰ কাষত বহুসময় অতিবাহিত কৰিছিল যুৱতীগৰাকীয়ে৷
তেতিয়া হতাশ হৈ পৰা পণ্টক সাহস দিছিল ঈষাই৷ অসুস্থতাৰ সময়ত ঈষাই আকৌ ক্ৰিকেটৰ বাবে সাজু হ’বলৈ প্ৰেৰণা যোগাইছিল৷
তেতিয়াৰ পৰা দুয়ো দুয়োৰে সাহস হৈ পৰিছে৷ ঈষাৰ সৈতে বিবাহৰ ইচ্ছা পৰিয়ালৰ ওচৰত ব্যক্ত কৰিছে ঋষভে৷
নৱবৰ্ষৰ আৰম্ভণিতে দুয়োৰে বিয়া হ’ব বুলি বন্ধুমহলে প্ৰকাশ কৰিছে৷ কিন্তু খবৰ অনুসৰি গন্ধৰ্ৱ প্ৰথাৰে বিয়া পাতিব ঋষভে৷