অন্যথা খাবলৈ নোপোৱা হ’ব বাংলাদেশীয়ে

অসম দখল কৰি অখণ্ড ইছলামিক ৰাষ্ট্ৰ গঠন কৰিব বিচৰা বাংলাদেশ চৰকাৰে চাউলৰ জোৰাই মাৰিব পৰা নাই৷ জনতাক যিমান লাগে, সিমান পৰিমাণৰ চাউল বৰ্তমান তদাৰকী চৰকাৰে গোটাবই পৰা নাই৷
গতিকে ঘোৰশত্ৰু বুলি ভবা ভাৰতকে খাদ্য সামগ্ৰী বিচাৰি কাবৌ কৰিছে তদাৰকী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে৷ শ্বেখ হাছিনাৰ পতনৰ পিছত নতুন দিল্লীয়ে ঢাকালৈ সাহায্যৰ পৰিমাণ হ্ৰাস কৰাৰ পিছত স্বাভাৱিকতে বাংলাদেশত দুৰ্ভিক্ষৰ সূচনা হৈছে৷
সেয়ে মহম্মদ ইউনুছে বিচাৰিছে ৫০ হাজাৰ কুইণ্টল চাউল৷ কিন্তু এইবাৰ খাদ্য বিভাগে বিনামূল্যে ভাত খুৱাবলৈ বিচৰা নাই বাংলাদেশীক৷ সহায়ৰ পিছতো অকৃতজ্ঞ দেশখনৰ জনতাৰ বাবে চাউল যোগানৰ বাবে চৰকাৰে বিচাৰিছে ধন৷ প্ৰাপ্ত তথ্য অনুসৰি ১ টন চাউলৰ দাম বৰ্তমান প্ৰায় ৩৮,৮০০ টকা নিৰ্ধাৰণ কৰা হৈছে৷
কিন্তু বজাৰ মূল্যৰ বিপৰীতে চাউল ৰেহাই দামতহে ভাৰতৰ পৰা বিচাৰিছে তদাৰকী চৰকাৰে৷ পূৰ্বে শ্বেখ হাছিনাৰ কাৰ্যকালত মাহিলী ট্ৰাকযোগে বাংলাদেশলৈ দিল্লীৰ পৰা পঠিওৱা হৈছিল কেবাটন চাউল৷ আনকি ইউনুছ চৰকাৰৰ কাৰ্যকালতো সহায় অব্যাহত আছিল৷ পিছে বৈদেশিক সম্পৰ্ক বিঘ্নিত হোৱাৰ পিছত চাউল প্ৰেৰণ সীমিত কৰা হ’ল৷
গতিকে খাবলৈ নোপোৱা হৈছে বাংলাদেশীয়ে৷ সেয়ে আকৌ ভাৰতৰ সহায় বিচাৰি কৰিছে কাকূতি৷ আনহাতে ভাৰতৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলেই বাংলাদেশলৈ প্ৰেৰণৰ তথ্যও সম্প্ৰতি উদ্ধাৰ হৈছে৷ ঝাৰখণ্ডৰ জামতাৰা জিলাৰ এটা মিলত পোৱা গৈছে ৰিপাব্লিক অৱ বাংলাদেশ বুলি লিখা চাউলৰ বস্তা৷ সন্দেহ অনুসৰি মিলটোৱে চাউল বাংলাদেশলৈ প্ৰেৰণ কৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email