অমিত শ্বাহক কুকুৰে কামুৰিলে!

অমিত শ্বাহক পগলা কুকুৰে কামুৰিছে৷
এই মন্তব্য মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খাৰ্গেৰ
প্ৰতিবাদ কৰিবলৈ গৈ অভব্য ভাষা প্ৰয়োগ কৰি তেওঁ ক’লে যে অমিত শ্বাহে জলাতংকৰ বেজি লোৱাৰ দৰকাৰ আছে৷
তেওঁ ক’লে- জলাতংকত ভোগা কুকুৰে কামোৰাৰ বাবে অমিত শ্বাহে প্ৰলাপ বকিবলৈ ধৰিছে বুলি৷ গতিকে গৃহমন্ত্ৰীক চিকিৎসাৰ প্ৰয়োজন আছে৷
কিন্তু অমিত শ্বাহ বিৰোধী সংগ্ৰাম সংসদৰ বাহিৰলৈ নিবলৈয়ো সচেষ্ট হৈ পৰিছে কংগ্ৰেছ৷ দলটোৱে দেশজুৰি আম্বেদকাৰ সন্মান সপ্তাহ আয়োজনৰ দিহা কৰিছে৷
সংবিধান প্ৰণেতাক গৃহমন্ত্ৰীয়ে অপমান কৰাৰ অভিযোগত কংগ্ৰেছে ১৫০ খন চহৰত সভা পাতিবলৈয়ো সিদ্ধান্ত লৈছে৷
দলটোৰ নেতা কে চি বেণুগোপালে সদৰী কৰা অনুসৰি ২২-২৩ ডিচেম্বৰত ৱৰ্কিং কমিটীৰ নেতাসকলৰ উদ্যোগত ঠায়ে ঠায়ে অনুষ্ঠিত হ’ব প্ৰতিবাদী সভা৷ আম্বেদকাৰ সন্মান সপ্তাহৰ কাৰ্যসূচী গুৱাহাটীতো অনুষ্ঠিত হ’ব৷
অৰ্থাৎ গুৱাহাটীত প্ৰতিবাদ নিষিদ্ধ কৰিলেও কংগ্ৰেছে আৰম্ভ কৰিব কাৰ্যসূচী৷ চৰকাৰে হাজাৰ বিজাৰ পুলিচ নমাই দিলেও ভূপেন বৰাৰ নেতৃত্বত দলে প্ৰতিবাদ কৰিব৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email