মিছেছ আৰ্থ ফায়াৰৰ খিতাপ জিনিলে অসমৰ আত্ৰেয়ী গগৈয়ে
ডিব্ৰুগড়ৰ জীয়াৰীয়ে মাদৰ-মেখেলা পিন্ধি ৰেম্পত খোজ কাঢ়িলে৷ অসমৰ সাংস্কৃতিক ঐতিহ্যৰে বিচাৰকক আকৃষ্ট কৰি প্ৰতিযোগিতাৰ বিজয় মুকুট পৰিধান কৰিলে আত্ৰেয়ীয়ে৷
কেবাখন দেশৰ মডেলৰ মাজতো জিলিকি উঠা আত্ৰেয়ী হৈছে ৰাষ্ট্ৰীয় ফেশ্যন প্ৰতিষ্ঠানৰ ডিগ্ৰীধাৰী৷ তেওঁ ছিলঙত অধ্যয়ন কৰিছিল৷
বৰ্তমান কৰ্মসূত্ৰে দিল্লীত থাকে আত্ৰেয়ী৷
অসমৰ তনয়া আত্ৰেয়ীয়ে শেহতীয়াকৈ অংশগ্ৰহণ কৰিছিল মিছেছ আৰ্থ ফায়াৰ নামৰ প্ৰতিযোগিতাত৷ য’ত আছিল শতাধিক প্ৰতিদ্বন্দ্বী৷
বিবাহিতা মহিলাৰ সৌন্দৰ্য প্ৰতিযোগিতাত ভিন্ন দেশৰ মডেলে অংশগ্ৰহণ কৰিছিল৷ কিন্তু অসমৰ আত্ৰেয়ীয়ে ৰেম্পত খোজ দিয়াৰ সময়ত উন্মনা হৈ পৰিল দৰ্শক আৰু বিচাৰক৷
তেওঁ ফাইনেল ৰাউণ্ডত পিন্ধিছিল চাদৰ-মেখেলা৷ সম্পূৰ্ণ অসমীয়া ষ্টাইলত পোছাক পৰিধান কৰি ৰেম্পত কেটৱাক কৰিছিল আত্ৰেয়ীয়ে৷
ব্ৰেইন উইথ ব্ৰেইন বুলি নিজৰ চিনাকি দিবলৈ সক্ষম হোৱা আত্ৰেয়ীৰ কাষেই চাপিব নোৱাৰিলে প্ৰতিদ্বন্দ্বী মডেল৷
তেওঁ ৰূপৰ যাদুত বিমুগ্ধ হৈ পৰিল অভিজ্ঞ বিচাৰক৷ এতেকে শেষত আত্ৰেয়ীয়েই দখল কৰিলে মিছে আৰ্থ ফায়াৰ-২০২৪ খিতাপ৷