কি ক’লে পলৰীয়া মাল্যই

যিমান টকা লৈ পলাই গৈছিল, তাৰ দুগুণৰো অধিক ৰকম বিজয় মাল্যৰ পৰা উদ্ধাৰ কৰা হৈছে৷ পলাতক উদ্যোগপতিৰ পৰা চৰকাৰে আদায় কৰিছে ১৪,১৩১.৬০ কোটি টকা৷ কেবাটাও বেংকৰ ঋণ পৰিশোধ নকৰাকৈ লণ্ডনলৈ পলাই পত্ৰং দিয়া বিজয় মাল্যৰ পৰা যিকোনো প্ৰকাৰে ধন আদায়ৰ বিষয়ে সদনত প্ৰকাশ কৰিছিল নিৰ্মলা সীতাৰমণে৷
বিত্তমন্ত্ৰীৰ তথ্য অনুসৰি পলাতক উদ্যোগপতিৰ পৰা পাবলৈ থকাতকৈ অধিক পৰিমাণৰ ধন ৰাজকোষে আৰ্জন কৰিছে৷ ইয়াৰ পিছতে সদম্ভে ছ’চিয়েল মিডিয়াত আত্মপ্ৰকাশ কৰিছে মাল্যই৷
তেওঁ এক্সত কৰা দাবী কৰা অনুসৰি কিংফিছাৰ এয়াৰলাইনছৰ ধাৰ ৬,২০৩ কোটি টকা আছিল বুলি ঋণ পুনৰুদ্ধাৰ ন্যায়াধিকৰণে নিৰ্ধাৰণ কৰিছিল৷ যাৰ ভিতৰতে আছিল ১২০০ কোটিৰ সুত৷
কিন্তু এতিয়া চৰকাৰে সম্পত্তি বাজেয়াপ্ত কৰি বা একাধিক পন্থাৰে তেওঁৰ পৰা আদায় কৰিছে ১৪ হাজাৰ কোটিৰো অধিক ধন৷ অৰ্থাৎ পাওনাতকৈ দুগুণতকৈয়ো অধিক পৰিমাণৰ ধন ইতিমধ্যে চৰকাৰে লাভ কৰিছে৷ অৱশ্যে ঋণমুক্ত হোৱাৰ পিছতো দেশলৈ প্ৰত্যাৱৰ্তনৰ কথা ভবা নাই বিজয় মাল্যই৷
একালত দেশৰ অন্যতম চহকী ব্যক্তিজনে এতিয়াও লণ্ডনত কটাই আছে পলাতক জীৱন৷ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলেই প্ৰবঞ্চনাৰ অভিযোগত তেওঁৰ গ্ৰেপ্তাৰ অৱধাৰিত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email