এফালে কেৰ্কেটুৱা, আনফালে বান্দৰ

এখন তামোল দোকানীয়ে বেচে ৫ টকাত৷ পিছে বেপাৰীক তামোল বেচিলে এপোনত দিয়ে সৰ্বাধিক ৮০ টকা কেজি হিচাপত তামোল বেচিলে ৫০ টকাহে পাই গঞাই ফলত তামোলবাৰী প্ৰতিপালন কৰিবলৈ এৰি দিছে অসমৰ গ্ৰামাঞ্চলৰ ৰাইজে৷ তাকো এই দাম সকলোতে একে নহয় বজাৰত আপুনি বুঢ়া তামোল বেচিবলৈ গ’লে এপোনত ৫০০ টকাপৰ্যন্ত দাম দিব লাগিব৷ কিন্তু তামোল বিক্ৰী কৰি গঞাই ধন উপাৰ্জন কৰিব নোৱাৰে আনহাতে তামোলৰ বাৰীত কেৰ্কেটুৱাৰ উৎপাতৰ বাবেও গঞাই জলা-কলা খাইছে সেয়ে গোট ধৰাৰ পিছতে বেচিবলগীয়া হৈছে তামোল উজনি অসমত তামোলৰ উৎপাদন বৰ্তমান হৈ প্ৰায় শূন্য হৈ পৰিছে স্থানীয় ব্যৱসায়ীয়ে প্ৰকাশ কৰা অনুসৰি উজনিত প্ৰয়োজনীয় তামোলৰ মাত্ৰ ১০ শতাংশহে স্থানীয়ভাৱে উৎপাদিত বীকীবোৰ হৈছে ছিলঙীয়া তামোল অৱশ্যে নামনিৰ কেইখনমান জিলাত সৰহীয়াকৈ তামোল উৎপাদিত হৈছে নলবাৰী, বাগছা আদিত কেৰ্কেটুৱাৰ উপদ্ৰৱ কম৷ কিন্তু তেওঁলোকেও পোৱা নাই তামোলৰ দাম সেয়ে তামোলৰ গছ প্ৰতিপালন কৰিবলৈ অনীহা লগা হৈছে গঞা ৰাইজৰ

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial