আকস্মিক শীতপ্ৰবাহত পেঁপুৱা লাগিছে অসম৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ গত ৪৮ ঘণ্টাৰ ভিতৰত বলা বতাহে ঠেৰেঙা লগাইছে জনতাক৷ শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ হোৱা অতিমাত্ৰা শীতে কমাইছে চহৰ-নগৰৰ ভিৰ৷
সচৰাচৰ অসমত মাঘ বিহুৰ সময়তহে তাপমান ১৪-১৫ ডিগ্ৰী ছেলছিয়াচলৈ হ্ৰাস পায়৷ কিন্তু এইবাৰ আগতীয়াকৈ আহিছে মাঘী শীত৷ আজি ডিব্ৰগড়ত উষ্ণতা ১৭ ডিগ্ৰী ছেলছিয়াচলৈ নমাৰ বিপৰীতে ধুবুৰীত বলিছে হাড় কঁপোৱা বতাহ৷ ব্ৰহ্মপুত্ৰৰ দাঁতিৰ বাসিন্দাক কঁপাই পেলাইছে বতাহজাকে৷ গোৱালপাৰা, বঙাইগাঁও, বৰপেটা আদিতো পাৰাত্তম্ভ অস্বাভাৱিকভাৱে নিম্নগামী হৈছে৷
উজনি আৰু মধ্য অসমতো একেসময়তে আৰম্ভ হৈছে তীব্ৰ শীতপ্ৰবাহ৷ আঘোণ শেষ হোৱাৰ পিছতে পুহৰ জাৰে এইবেলি পূৰ্বৰ দৰেই কঁপাইছে জনতাক৷ শীতত কঁপি নিহালি লোৱাৰ বতৰত বাণিজ্যিক কাৰ্যাৱলীও হৈ পৰিছে স্তিমিত৷ আনকি আজি ৰাজ্যৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰতো হ্ৰাস পাইছে ভিৰ৷
সূৰ্যদেৱতাৰ আত্মগোপনৰ সময়ত কাজিৰঙাত কিন্তু বাঢ়িছে পৰ্যটকৰ সমাগম৷ সেইদৰেই ডিমা হাচাও, কাৰ্বি আংলং আদিতো পৰ্যটকৰ ভিৰ বাঢ়িছে৷ পিছে আগতীয়া মাঘী শীতপ্ৰবাহ অস্বাভাৱিক বুলিও অনুমান কৰিছে বতৰ বিজ্ঞানীয়ে৷ শীতৰ সমাপ্তিৰ পিছতে গত বছৰৰ তুলনাতো এইবাৰ অধিক গ্ৰীষ্মপ্ৰবাহ সহিবলৈ জনতাক সাজু থকাৰো আহ্বান জনাইছে তেওঁলোকে৷