কথা-বতৰাৰে নিজৰ গাম্ভীৰ্যপূৰ্ণ ইমেজ গঢ়িবলৈ সদায় চেষ্টা কৰি থাকে প্ৰদ্যুৎ বৰদলৈয়ে৷ নিজকে ছিৰিয়াছ জনপ্ৰতিনিধি হিচাপে চিনাকি দিবলৈ প্ৰদ্যুতে কৰে অশেষ চেষ্টা৷
কিন্তু কেমেৰাৰ সন্মুখত প্ৰদ্যুতৰ গহীন-গম্ভীৰ স্বভাৱৰ আঁৰত আছে প্ৰতিশোদৰ আন এটা চৰিত্ৰও৷
প্ৰতিশোধ ল’বলৈ আঁকোৰগোজ প্ৰদ্যুতৰ বাবেই মধ্য অসমত বিশৃংখল হৈ পৰিছে কংগ্ৰেছ৷ আচলতে গৌৰৱ গগৈ, ভূপেন বৰা কেন্দ্ৰিক লবী ৰাজনীতিৰ বিষম প্ৰভাৱ মৰিগাঁও জিলা কংগ্ৰেছত দৃষ্টিকটুভাৱে প্ৰকট হৈ পৰিছে৷
প্ৰদ্যুতৰ বাবে মৰিগাঁও জিলা কংগ্ৰেছ বৰ্তমান মাছ ধৰিব নোৱৰা ফটা জালত পৰিণত হৈছে৷
যোৱা লোকসভা নিৰ্বাচনত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত মৰিগাঁও জিলা কংগ্ৰেছে তিনিজন প্ৰাৰ্থী ক্ৰম অনুসৰি গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ নাম প্ৰদেশ কংগ্ৰেছলৈ প্ৰেৰণ কৰিছিল৷
কিন্তু নগাঁৱৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত মৰিগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ বিৰুদ্ধে প্ৰতিহিংসামূলক কাম আৰম্ভ কৰিছে প্ৰদ্যুতে৷ এক নম্বৰত বৰদলৈৰ নাম প্ৰেৰণ নকৰাৰ বাবেই মৰিগাঁও জিলা কংগ্ৰেছৰ নেতাসকলৰ ওপৰত খৰ্গহস্ত হৈ পৰিছে প্ৰদ্যুৎ৷
প্ৰথমবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰদ্যুতে তেতিয়াৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰয়াত জোনজোনালী বৰুৱাক পদবীৰ পৰা অপসাৰণ কৰিছিল৷ এইবাৰ প্ৰদ্যুতৰ ৰোষৰ বলি হৈছে লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নাজাৰ৷
তৰুণ গগৈৰ অনুগামী নাজাৰে বিগত সময়ত গৌৰৱ গগৈক নগাঁৱত সমৰ্থন কৰিছিল৷ কিন্তু প্ৰদ্যুৎ বৰদলৈয়ে টিকট পোৱাৰ পিছত তেওঁৰ বিজয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল নাজাৰে৷
নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সমষ্টিৰ ভিতৰত প্ৰদ্যুতে ভোট পাইছিল লাহৰীঘাটত, যি সংখ্যা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীতকৈ ১,৩৩,০০০তকৈ বেছি আছিল৷ মৰিগাঁও, জাগীৰোডৰ বিজেপিৰ সবল বেহু ভেদ কৰিব পৰা নাছিল কংগ্ৰেছে৷
কিন্তু পূৰ্বে গৌৰৱক সমৰ্থনৰ বাবে প্ৰদ্যুতে আছিফ নাজাৰক কংগ্ৰেছ কৰ্মীৰ আগতে ককৰ্থনা কৰি অপমান কৰিছে৷
একেদৰে অভিযোগ অনুসৰি APCCৰ সভাপতি ভূপেন বৰাক মেনেজ কৰি বৰদলৈয়ে মৰিগাঁও কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলক পদবীৰ পৰা অপসাৰণ আৰু অৱনমন কৰিছে৷
জিলা কংগ্ৰেছৰ উপ-সভাপতি মকিবুৰ ৰহমান, কংগ্ৰেছৰ সম্পাদক সীমান্ত হাজৰিকা আদিক অপমানিত কৰি প্ৰদ্যুতে অপসাৰণ কৰিছে৷
বিসম্বাদৰ অগ্নিকুণ্ড হৈ পৰা জিলা কংগ্ৰেছৰ সমস্যা সমাধানৰ বাবে শেহতীয়াকৈ সভা আহ্বান কৰা হৈছিল৷ পুনৰ ১২ ডিচেম্বৰত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ ভাৰপ্ৰাপ্ত সম্পাদক মনোজ চৌহানৰ উপস্থিতিত জিলা কংগ্ৰেছৰ সভা বহিছিল৷
কিন্তু প্ৰদ্যুতৰ বিৰুদ্ধে নেতৃত্বই লোৱা নাই ব্যৱস্থা৷