হিতে বিপৰীতহে হৈছে কঁকালৰ বিষে জুৰুলা কৰিছে অসমৰ গ্ৰামাঞ্চলৰ জনতাক এই দুৰ্ভোগৰ একমাত্ৰ কাৰণ হৈছে পেভাৰ ব্লকৰ ৰাস্তা অধিক ম্যাদযুক্ত হোৱাৰ বাবে চৰকাৰে গাঁৱৰ আলি পেভাৰ ব্লকেৰে সাজিছে কিন্তু জোকাৰণিৰ ফলত গাঁৱত বাঢ়িছে শ্লিপ ডিস্কত আক্ৰান্ত লোকৰ সংখ্যা৷ নাম প্ৰকাশত অনিচ্ছুক এজন চিকিৎসকে সদৰী কৰা অনুসৰি তেওঁ কঁকালৰ বিষৰ বাবে চিকিৎসা কৰা ৯০ শতাংশ লোকেই হৈছে গ্ৰামাঞ্চলৰ সকলোৰে বিষৰ কাৰণ হৈছে পেভাৰ ব্লকৰ ৰাস্তা৷ ওখোৰা-মোখোৰা পথত সদায় মটৰ চাইকেল চালনাৰ বাবে তেওঁলোক বিষত আক্ৰান্ত হৈছে একেদৰে বিটুমিনৰ ৰাস্তাত পৰিলেও আঁঠু বা আন ঠাইত বেছি আঘাত নাপায় দুচকীয়া চালকে কিন্তু পেভাৰ ব্লক ঘাতকৰ দৰে হৈ পৰে৷ এবাৰ পিছলৈ পৰিলেই ব্লক ইটাৰ ৰাস্তাত সৰ্বশৰীৰ ছাল এৰাই যায় গতিকে পেভাৰ ব্লকৰ আলিত চলাচল হৈ পৰিছে বিপজ্জনক বিশেষকৈ ব্লক ইটা পথালিকৈ পাৰিলে গাড়ীত সৃষ্টি হোৱা কম্পনৰ বাবে বিষালী ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে