মোদীৰ দিনত ধ্বংস অৰ্থনীতি

ডঃ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থাকোতে মোদীয়ে কৈছিল- এতিয়া টকা ICUত আছে৷
কিন্তু মোদীৰ শাসনকালত ডলাৰে গঁতিয়াই খালত পেলাইছে টকাক৷ গোলকীয় বজাৰত সৰ্বকালৰ সৰ্বনিম্ন অৱস্থানলৈ পতিত হৈছে ভাৰতীয় মুদ্ৰা৷ বিপৰ্যয়ৰ আগজাননীৰে কালিয়েই টকাৰ পতন ঘটিছিল৷
কিছুদিনীয়া অস্থিৰতাৰ পিছত নিম্নমুখী হৈছে ভাৰতীয় মূল্যৰ দাম৷ আজি সেই বিপৰ্যয়ে কঁপাই পেলাইছে দেশৰ অৰ্থব্যৱস্থাক৷ শেহতীয়া খবৰ অনুসৰি ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য হৈছেগৈ ৮৫.০১ টকা৷
এই দুৰ্গতিৰ অন্যতম প্ৰধান কাৰণ হৈছে আমেৰিকাৰ মুদ্ৰানীতিৰ সম্ভাৱ্য পৰিৱৰ্তন৷ ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতিৰ আসনত বহাৰ পিছতে অৰ্থনৈতিক পলিচীৰ বিস্তাৰিত সলনি হ’ব বুলি শংকাৰ বাবে সঞ্চিত ধন বিনিয়োগ কৰিবলৈ ভয় খাইছে বাণিজ্যিক মহলে৷ তদুপৰি ফেডাৰেল বেংক অৱ আমেৰিকায়ো হাৰ কৰ্তনৰ সংকেত দিছে৷
প্ৰকাশিত খবৰ অনুসৰি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শীৰ্ষ বাণিজ্যিক সংস্থাটোৱে নিশ্চিত কৰিছে সুতৰ হাৰ হ্ৰাস৷ তদুপৰি ট্ৰাম্প প্ৰশাসনে চৰকাৰী ব্যয় কমোৱাৰো নিশ্চিতি দিছে৷ এনে পৰিস্থিতিত থৰহৰি কম্পমান হৈছে বাণিজ্যিক মহল৷ সেয়ে সকলোৱে উঠাই নিছে বজাৰত বিনিয়োগ কৰা ধন৷ গতিকে আজি আকৌ নিম্নগামী হৈছে দেশৰ ষ্টক একচেঞ্চৰ সূচকাংক৷
আজি ছেনছেক্সৰ ২,০০০ পইণ্ট পতন ঘটিছে৷ বিনিয়োগকাৰীয়ে ধন উঠাই লৈ যোৱাৰ বাবে ৪৬৫ লাখ কোটিপৰ্যন্ত কমিছে ব’ম্বে ষ্টক একচেঞ্জৰ মূলধন৷ আজিয়েই ছেনছেক্সৰ ৫০২ পইণ্ট পতন ঘটিছে৷ একেদৰে নিফটীও নামিছে ৫০ পইণ্ট৷ পতনৰ ফলত বিনিয়োগকাৰীৰ হানি হৈছে প্ৰায ১ লাখ কোটি টকা৷ বছৰৰ শেষত হোৱা এই বিপৰ্যয় সম্প্ৰতি বিপজ্জনক অৰ্থনৈতিক কথা হৈ পৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email