সদনত অন্তহীন তৰ্কৰ মাজতে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে গোপন আলোচনাত বহিল প্ৰধানমন্ত্ৰী৷
বিৰোধী দলপতি তথা কংগ্ৰেছৰ সভাপতিৰ সৈতে ৰুদ্ধদ্বাৰ আলোচনাৰ সময়ত ওলাল ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ অধ্যক্ষ বাছনিৰ প্ৰসংগ৷
বৰ্তমানৰ মুৰব্বী অৰুণ কুমাৰ মিশ্ৰৰ অৱসৰৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বৈঠকখনৰ আয়োজন কৰিলে৷ ৰুদ্ধদ্বাৰ সভাত অৱশ্যে সম্ভাৱ্য অধ্যক্ষৰ নাম চূড়ান্ত কৰা নহ’ল৷
কিন্তু সদ্য বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েই ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ পৰৱৰ্তী মুৰব্বী হ’ব বুলি সূত্ৰই সদৰী কৰিছে৷ আনহাতে এই পদত অধিষ্ঠিত ব্যক্তিক বাছনিৰ বাবে গঠিত সাংবিধানিক কমিটীৰ মুৰব্বী হৈছে প্ৰধানমন্ত্ৰী৷
তদুপৰি সদস্য হৈছে লোকসভাৰ অধ্যক্ষ, গৃহমন্ত্ৰী তথা দুয়ো সদনৰ বিৰোধী দলপতি৷ সেইসূত্ৰেই ৰাহুল আৰু খাৰ্গেক মোদীয়ে বৈঠকলৈ নিমন্ত্ৰণ জনাইছিল৷ বিষয়টোত তেওঁলোক আকৌ মিলিত হ’ব বুলিও চৰকাৰী সূত্ৰই সদৰী কৰিছে৷
বৰ্তমান সদনত চৰকাৰ কংগ্ৰেছী সাংসদৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত কিন্তু ৰহস্যৰো সৃষ্টি কৰিছে সভাখনে৷