এইদৰে চলিছে চাহ বেপাৰ

অসমৰ উৎকৃষ্ট মানৰ চাহ প্ৰথমে যায় চেন্নাইলৈ৷ তাৰ পৰা আকৌ ক্ৰয় কৰে অসমৰ ক্ৰেতাই৷ অসমতে কিনিবলৈ নোপোৱা সবাতোকৈ উন্নত মানৰ চাহপাত চেন্নাইত কিন্তু উভৈনদী৷ ব্ৰেণ্ডিং আৰু পেকেজিং হোৱাৰ পিছত সেইবোৰ আকৌ বিমানত অসমলৈ উভতি আহে৷
এইদৰেই চলি আছে অসমৰ চাহ বাণিজ্য৷ অসমতে দেশৰ ভিতৰত উৎকৃষ্ট মানৰ চাহ উৎপাদিত হয়, কিন্তু সেইবিধ চাহপাত বজাৰত নোলায়৷ অসমৰ বজাৰত পায় ঘুগুলা চাহ৷ অৰ্থাৎ মেচিনত শুকান পাত গুড়ি কৰাৰ পিছত থাকি যোৱা আবৰ্জনাহে অসমৰ গ্ৰাহকক বিক্ৰী কৰা হয়৷
কেবাখনো বজাৰৰ চাহপাত ফেক্টৰীৰ পৰাই প্ৰধানতঃ চেন্নাইলৈ যায়৷ সেইবোৰ তাতে পেকেজিং আৰু ব্ৰেণ্ডিং কৰা হয়৷ চেন্নাইৰ পৰাই চাহপাত কেবাকনো দেশলৈ ৰপ্তানি কৰা হয়৷
কিন্তু অসমৰ বজাৰত উপলব্ধ উৎকৃষ্ট মানৰ চাহপাত আকৌ অসমলৈয়ো ঘূৰি আহে৷ ৰাজ্যৰ বজাৰত পোৱা সবাতোকৈ ভাল চাহপাতবিধ অসমৰ গ্ৰাহকে আন কোম্পানীৰ নামত বজাৰৰ পৰা ক্ৰয় কৰে৷
ফলত স্বাভাৱিকতে চাহপাতৰ দাম বাঢ়ি যায়৷ অসমৰ চাহেই অসমৰ গ্ৰাহকে চেন্নাইৰ পৰা কিনি খাবলগীয়া হয়৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email