শৰীৰৰ বিপজ্জনক কোষৰ বাবে প্ৰাকৃতিক পদ্ধতিৰে প্ৰ’টিন উৎপাদন কৰাই অসাধ্য সাধন কৰিব ৰাছিয়ান বিজ্ঞানীয়ে৷ কেঞ্চাৰৰ ভয়াৱহতাৰ অৱসান ঘটাই ৰাছিয়াৰ গৱেষকে শীঘ্ৰে মুকলি কৰিব প্ৰতিষেধক৷ অহা বছৰতে বিশ্ববাসীক ভাল খবৰ দি বিজ্ঞানীয়ে নিজৰ MRna অৰ্থাৎ মেছেঞ্জাৰ ৰাইব’নিউক্লিক এচিড ভেকচিন বজাৰলৈ এৰি দিব৷
যুদ্ধৰ মাজতে গৱেষণা অব্যাহত ৰখা বিশেষজ্ঞই ইতিমধ্যে প্ৰতিষেধকৰ সফল পৰীক্ষা সম্পাদন কৰিছে৷ ৰুছ চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰেডিঅ’লজী মেডিকেল ৰিচাৰ্ছ চেণ্টাৰৰ সঞ্চালক আণ্ড্ৰে কেপ্ৰিনৰ উদ্ধৃতিৰে এই খবৰ সদৰী কৰিছে সংবাদ মাধ্যমে৷
ৰাছিয়াৰ বিজ্ঞানীয়ে উৎপাদন কৰা ভেকচিনবিধ হৈছে বাৰ্তাবাহক Rna৷ যি শৰীৰৰ কোষক প্ৰ’টিন উৎপাদন কৰিবলৈ বাধ্য কৰিব৷ ফলত শৰীৰ সম্ভাৱ্য বিপজ্জনক কোষ শক্তিশালী হৈ পৰিব৷ এই ভেকচিনে কৰ্কট কোষত শক্তিশালী হোৱাৰ পৰা প্ৰতিৰোধ কৰিব৷
দেশখনৰ গামালেয়া ৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰৰ মহামাৰী বিজ্ঞান আৰু অনুজীৱ বিজ্ঞান বিভাগৰ সঞ্চালক আজেকজেণ্ডাৰ জিণ্টছবাৰ্গেই অনুৰূপ তথ্য প্ৰকাশ কৰিছে৷ ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান টি এ এছ এছৰ সাক্ষাৎকাৰত তেওঁ সদৰী কৰা অনুসৰি প্ৰাথমিক পৰীক্ষাত ভেকচিনবিধে সুফল প্ৰদৰ্শন কৰিছে৷
নতুন বছৰত ভেকচিনবিধি বিনামূল্যে বিতৰণ কৰা গ’ব বুলিও ৰাছিয়া চৰকাৰৰ সূত্ৰই সদৰী কৰিছে৷ আনহাতে এই ভেকচিন কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়তো উৎপাদন সম্ভৱ বুলি সদৰী কৰিছে গৱেষকে৷ কিন্তু ভেকচিন আৱিষ্কাৰৰ দাবী যদি সত্য প্ৰতিপন্ন হয় তেন্তে মানৱকুল ৰক্ষা পৰিব সৰ্বনাশী সংকটৰ পৰা৷