সাংবাদিকৰো বঁটা পাই যাব আপুনি

ডিচেম্বৰ আহিলেই বজাৰত ফুলকবি-বন্ধাকবি অথবা ধনীয়াই নোলায়৷ বজাৰতওলায় হৰেক ৰকমৰ বঁটা ৰাজ্যৰ সাংবাদিক সংগঠনেই হওক বা স্বেচ্ছাসেৱী সংগঠনেই নহওক, বছৰ শেষ হোৱাৰ লগে লগে সকলোৱে বঁটাৰ বজাৰ পাতে তেওঁলোকৰ পৰা কিনি ল’ব পাৰি পছন্দৰ বঁটা বিশেষ সমাজসেৱী, বৰ্ষশ্ৰেষ্ঠ নাগৰিক আদি বঁটা এইবোৰ সংগঠনে ধনৰ বিনিময়তে আপোনাক প্ৰদান কৰিব গুৱাহাটীত সভা পাতি তেওঁলোকে আপোনাক সমাজৰ বিশিষ্ট ব্যক্তিৰ হতুৱাই বঁটাও প্ৰদান কৰিব কিন্তু সভাৰ খৰচ আপুনি দিব লাগিব৷ সেইদৰেই আদৰ্শ পিতৃ অথবা আদৰ্শ মাতৃৰ সন্মানো আপুনি পাই যাব কিন্তু বঁটা আৰু সভাৰ খৰচ প্ৰাপকে আদায় দিব লাগিব মুঠতে বৰ্তমান ফুলকবি আৰু বন্ধাকবিৰ দৰেই বজাৰত উভৈনদী হৈ পৰিছে বঁটা ধনীয়া কিনাৰ দৰেই বজাৰত আপুনি বঁটাও কিনিব পাৰিব

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial