সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই দিল্লীত উপস্থিত হ’ল লংকাধিপতি৷ মন্দোদৰীৰ দেশৰ পৰা আহি ভাৰতৰ ৰাজধানীত নামিল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশনায়ক৷ আহিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বেঠক অনুষ্ঠিত কৰি তেওঁ ভাৰত বিৰোধী কামত স্বদেশৰ ভূমি ব্যৱহাৰ হ’বলৈ নিদিয়াৰ সংকল্পও ঘোষণা কৰিলে৷
বাংলাদেশ ক্ৰমে পাকিস্তানপন্থী হৈ পৰাৰ সময়ত নতুন দিল্লীৰ বাবে অত্যন্ত স্বস্তিদায়ক ভ্ৰমণসূচীৰে দিশনায়কে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰিলে দ্বিপাক্ষিক আলোচনা৷ হায়দৰাবাদ হাউছৰ এই বৈঠকৰ সময়ত লংকাধিপতিয়ে দুবছৰ পূৰ্বে শ্ৰীলংকাত হোৱা মন্দাৱস্থাৰ সময়ত সহায়ৰ বাবেও মোদীক ধন্যবাদ জনালে৷ ক্ষমতা দখলৰ পিছত প্ৰথম বিদেশ ভ্ৰমণ কৰা দিশনায়কে ৫ বিলিয়ন ডলাৰৰ পেকেজৰ বাবে প্ৰকাশ কৰিলে কৃতজ্ঞতা৷
আনহাতে শ্ৰীলংকাক ঋণমুক্তকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰাৰ ঘোষণা কৰিছে দিশনায়কে৷ তাৰ বাবে তেওঁ বিচাৰিছে নতুন দিল্লীৰ সহায়৷ আজি বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ঘোষণা অনুসৰি প্ৰতিৱেশী দেশখনৰ ২৫ জিলাত ভাৰতীয় পুঁজিৰে আন্ত:গাঁথনি উন্নয়নৰ কাম চলি আছে৷ যিসমূহৰ প্ৰাথমিক উদ্দেশ্য হৈছে কলম্বোৰ উন্নতি৷
প্ৰধানমন্ত্ৰীৰ ঘোষণা অনুসৰি লংকাৰ মহো-অনুৰাধাপুৰা ৰে’লখণ্ডৰ ছিগনেল ব্যৱস্থা সংস্থাপন তথা কংকেসন্তুৰাই বন্দৰৰ নিৰ্মাণৰ বাবে ভাৰতে বিনিয়োগ কৰিব৷ তদুপৰি শ্ৰীলংকাৰ জাফনা আৰু পূব প্ৰান্তৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ২০০ শিক্ষাৰ্থীকো ভাৰতে দিব শৈক্ষিক জলপানি৷ অনাগত সময়ত শ্ৰীলংকাৰ ১৫০০ বিষয়াকো প্ৰশিক্ষণ প্ৰদানৰ দিয়াত্ব মোদীয়ে গ্ৰহণ কৰিছে৷ আজিৰ দ্বিপাক্ষিক বৈঠকৰ সিদ্ধান্তমৰ্মে নবীকৰণযোগ্য শক্তি, হাউছিং, আন্ত:গাঁথনিৰ উপৰি দেশখনৰ কৃষি, দুগ্ধ আদি খণ্ডতো বিনিয়োগ কৰিব নতুন দিল্লীয়ে৷
অৰ্থাৎ শ্ৰীলংকাৰ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে ভাৰতে ধন ব্যয় কৰিব৷ বাংলাদেশৰ বন্ধুভাৱাপন্ন চৰকাৰৰ পতনৰ পিছত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি দিশনায়কক আশ্বস্ত কৰি মোদীৰ ঘোষণা কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ৷ যি ঘোষণাই সলনি কৰি পেলাব পাৰে দক্ষিণ এছিয়াৰ কূটনীতি৷ চীনপন্থী চৰকাৰে পূৰ্বে শাসন কৰা দেশখনৰ বাম ৰাষ্ট্ৰপতিৰ ভ্ৰমণে পৰিৱৰ্তন কৰিব পাৰে কূটনৈতিক শৃংখল৷