চৰকাৰে প্ৰৱৰ্তন কৰিব নতুন নিয়ম

আগৰ দৰেই চৰকাৰী চাকৰিয়ালৰ নহয় বছেৰেকীয়া দৰমহা বৃদ্ধি নিয়ম অনুযায়ী প্ৰায়ে বছৰৰ ব্ছৰৰ অন্তত বঢ়াৰ দৰেই এতিয়াৰ পৰা কাৰো নাবাঢ়ে বেতন পূৰ্ব নিৰ্ধাৰিত নিৰিখ অনুসৰি স্বয়ংক্ৰিয়ভাৱে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ নিয়ম বাতিল কৰিব কেন্দ্ৰই তাৰ পৰিৱৰ্তে কৰ্মদক্ষ চাকৰিয়ালে লাভ কৰিব অধিক ধন নিষ্কৰ্মা কৰ্মচাৰীয়ে টালি-টোপোলা বান্ধি এৰিব লাগিব চাকৰি অষ্টম দৰমহা আয়োগ গঠিত হোৱাৰ পিছত দেশব্যাপী চাকৰিয়ালক দক্ষতাৰ ভিত্তিত বেতন প্ৰদানৰ নিয়ম প্ৰৱৰ্তিত হ’ব কেন্দ্ৰই আৰম্ভ কৰিছে কৰ্মচাৰীৰ বেতনৰ পৰিমাণ পুনৰ সংশোধনৰ প্ৰস্তুতি এই সন্দৰ্ভত পাৰ্ছনেল বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি অষ্টম দৰমহা আয়োগত জ্যেষ্ঠতাৰ ভিত্তিত বেতন বৃদ্ধিৰ নিয়ম সম্পূৰ্ণ উঠাই দিয়া দিয়া হ’ব তাৰ পৰিৱৰ্তে চৰকাৰে কৰ্মচাৰীক কৰ্মদক্ষতাৰ বিনিময়ত পইচা দিব দেশৰ ৪০ লক্ষাধিক কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে বলৱৎ কৰা হ’ব৷ এই নীতি অনুসৰিয়েই চাকৰিত জেষ্ঠ হ’লেও অদক্ষ কৰ্মচাৰীয়ে কম দৰমহাই পাব যিয়ে যিমান কাম কৰিব সিমানেই ধন লাভ কৰিব অৱশ্যে অষ্টম দৰমহা আয়োগে কেন্দ্ৰীয় কৰ্মচাৰীৰ সৰ্বনিম্ন বেতন ১৮,০০০ৰ পৰা ২৬০৩০ হাজাৰলৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে পাৰিতোষিক নিৰূপণৰ ফৰ্মুলা ফিটমেণ্ট ফেক্টৰ বৰ্তমান হৈছে ২.৫৭ এই মাত্ৰাও ৩.৫ অথবা ৩.৮লৈ বঢ়োৱা হ’ব৷ মুদ্ৰাস্ফীতিৰে মোকাবিলাৰ বাবে মৰগীয়া বানচ বছৰি দুবাৰকৈ দিয়াৰো নিয়ম কৰা হ’ব পাৰে তদুপৰি যিসকলক চাকৰিয়াল সপ্তম দৰমহা আয়োগৰ নিয়ম লাগু হোৱাৰ পূৰ্বেই অৱসৰ হৈছে তেওঁলোকে ভৱিষ্যতে অধিক ধন লাভ কৰিব বৰ্ধিত মুদ্ৰাস্ফীতিৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ ঘৰ ভাৰাৰ খৰচ আৰু ভ্ৰমণ বানচ বৃদ্ধিৰ অৰ্থেও প্ৰস্তাৱ লোৱা হৈছে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial