বিধানসভাৰ পৰা লোকসভা পালেগৈ কিন্তু স্বভাৱ সলনি নহ’ল ফণীভূষণ চৌধুৰীয়ে এইবাৰো সময়মতে সংসদত হাজিৰ হ’ব নোৱাৰিলে কিন্তু থ্ৰী-লাইন হুইপ অমান্য কৰা সাংসদক চমন দিব বিজেপিয়ে সংসদত যথা সময়ত উপস্থিত হ’ব নোৱাৰা সদস্যই দলৰ নেতৃত্বক উত্তৰ দিব লাগিব চৰকাৰৰ বাবে অগ্নিপৰীক্ষা হিচাপে বিবেচিত হোৱা এক দেশ, এক নিৰ্বাচন বিধেয়কৰ প্ৰসংগত আলোচনাৰ পৰত লোকসভাত হাজিৰ হ’বলৈ সকলো বিজেপি সাংসদক নিৰ্দেশ দিয়া হৈছিল কোনো যাতে অনুপস্থিত নাথাকে সেইবাবে থ্ৰী-লাইন হুইপো জাৰি কৰা হৈছিল তদুপৰি মিত্ৰদলৰো সদস্যৰ উপস্থিতি নিশ্চিত কৰিছিল সংসদীয় নেতৃত্বই তথাপি সময় মতে ২০ জন সাংসদ লোকসভাত উপস্থিত হ’ব নোৱাৰিলে আজি সেইসকলৰ অনুপস্থিতিৰ বাবেই নিম্ন সদনত দলটো প্ৰকাৰন্তেৰে লজ্জিত হৈছে সংবিধানৰ ১২৯ সংখ্যক সংশোধনীৰ বাবে অনুষ্ঠিত ভোটিঙত শাসকপক্ষই লাভ কৰিছে ২৬৯টা ভোট কিন্তু অনুপস্থিত ২০ সদস্যই ভোট দিয়াহেঁতেনেই এই সংখ্যা ২৮৯লৈ বৃদ্ধি পোৱাটো খাটাং আছিল কিন্তু থ্ৰী-লাইন হুইপৰ পিছতো অনুপস্থিত সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বিজেপি নেতৃত্ব দলটোৰ ভিতৰ চ’ৰাৰ খবৰ অনুসৰি অনাগত সময়ত তেওঁলোকে কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিব লাগিব যদি সন্তুষ্টিজনক উত্তৰ তেওঁলোকে দিব নোৱাৰে তেন্তে অহা নিৰ্বাচনত টিকটৰ পৰাও বঞ্চিত কৰাৰ দৰে কঠোৰ সিদ্ধান্ত ল’ব হাইকমাণ্ডে তদুপৰি অনুপস্থিত সাংসদে কোনোপধ্যে নাপায় মন্ত্ৰিত্ব