চৰকাৰে গৰু মাংস বন্ধ কৰি দিয়াৰ পিছত যেন গৰু চোৰৰ গাত শনিহে লাগিছে৷ উজনি-নামনি-মধ্য অসম সৰ্বত্ৰ সদায়েই চুৰি হৈছে গৰু৷ শিৱসাগৰত এনিশাতে ১০টাকৈ গৰু গোহালিৰ পৰাই খুলি নিছে চোৰে৷ শিৱসাগৰৰ ৰিৰিয়াৰ ইমৰান আলি আৰু ছাইফুদ্দিন আহমেদৰ দহটা বলধ গৰু চুৰি নিশা পঘা কাটি চোৰে লৈ গ’ল৷ গৃহস্থই গোহালিৰ কাষতে বান্ধি থৈছিল গৰুকেইটা৷ নিশা ৰছী কাটি লৈ যায় গৰুকেইটা৷ উদ্বেগজনকভাৱে এতিয়া চোৰৰ পথ সলনি হৈছে৷ অৰুণাচল প্ৰদেশৰ মাজেৰেও পাৰ কৰি নিয়া হৈছে গৰু৷ ঢলা-শদিয়া দলংখন গৰু চুৰিৰ কৰিড’ৰ হৈ পৰিছে৷ ডঃ ভূপেন হাজৰিকা সেতুৰে নিশা সদায় পাৰ হৈছে গৰুভৰ্তি গাড়ী৷ আমি লাভ কৰা খবৰ অনুসৰি অৰুণাচলৰ এফালেৰে সোমাই আনফালেৰে অসম হৈয়েই গৰু চালান দিয়া হয়৷ চুটি পথত যিহেতু বিপদৰ আশংকাও বেছি সেয়ে চোৰে দীঘলীয়া পথকে বাছি লৈছে৷ গোহালিত সোমাই গৰুৰ পঘা কাটি চোৰে গাড়ীত তুলিছে৷ কিন্তু আশ্বৰ্যকৰভাৱে এই চুৰিকাণ্ডৰে জড়িত বৃহৎ দলটোৰ ৮০ শতাংশ সদস্য হৈছে হিন্দু৷ তেওঁলোকে গৰু মাফিয়াৰ গাড়ীত তুলি দিছেগৈ৷ যিসকল মাফিয়াই গৰু মাংসৰ বাবে চালান দিছে তেওঁলোকে এজেণ্টক ধন দিছে৷ এইদৰেই খালী হৈ গৈ আছে অসমীয়াৰ গোহালি৷