ষ্টাৰলিংকৰ আগমন, জিঅ’ৰ পলায়ন

নৱবৰ্ষত সলনি হ’ব দেশৰ ইণ্টাৰনেট পৰিৱেশতন্ত্ৰ দেশৰ দূৰসংযোগৰ বজাৰত অন্ত পৰিব জিঅ’ আৰু এয়াৰটেলৰ আধিপত্য কিয়নো নৱবৰ্ষত দেশব্যাপী আৰম্ভ হ’ব স্পেচএক্সৰ ষ্টাৰলিংকৰ আৰু এমাজনৰ কুইপাৰ ইণ্টাৰনেট সেৱা৷ কেৱল সেয়াই নহয়, BSNLয়েও ২০২৫ৰ পহিলা দিনটোৰ পৰাই প্ৰৱৰ্তন কৰিব গ্ৰাহকৰ বাবে উপযোগী আঁচনি এলন মাস্কৰ মালিকানাধীন ষ্টাৰলিংকৰ সৈতে ইতিমধ্যে সম্পন্ন হৈছে BSNLৰ চুক্তি তদানুসৰি প্ৰতিষ্ঠানটোৱে এবছৰৰ বাবে মুকলি কৰিব ১,১৯৮ টকাৰ পৰিকল্পনা এই আঁচনিৰ অধীনত গ্ৰাহকে ৩৬৫ দিনৰ বাবেই ইণ্টাৰনেট আৰু ভইচ কলিঙৰ সুবিধা লাভ কৰিব৷ বি এছ এন এলে ষ্টাৰলিংকৰ সৈতে সম্পাদন কৰা সন্ধিৰ বাবে কম দামতে উন্নত সেৱা প্ৰদান কৰাটো সম্ভৱ হৈ উঠিছে আনহাতে প্ৰযুক্তিৰ শক্তিৰেও মুকেশ আম্বানিৰ জিঅ’ আৰু সুনীল মিট্টালৰ এয়াৰটেলে ষ্টাৰলিংকৰ সৈতে প্ৰতিযোগিতা কৰাটো হৈ পৰিছে অসম্ভৱ৷ তথ্যমৰ্মে বৰ্তমান দেশৰ তেনেই তাকৰীয়াসংখ্যক দূৰসংযোগ উপভোক্তাহে হৈছে ভডাফোন-আইডিয়া আৰু আন প্ৰতিষ্ঠানৰ৷ অৰ্থাৎ ৪৬ কোটি গ্ৰাহকেই জিঅ’ নতুবা এয়াৰটেলৰ সেৱা গ্ৰহণ কৰি আছে কিন্তু সেৱা উন্নীতকৰণ পৰ্ব আৰম্ভ কৰাৰ লগে লগে ১ কোটি গ্ৰাহকে বি এছ এন এললৈ ছিম প’ৰ্ট কৰিছে৷
সেয়ে প্ৰতিষ্ঠানটোৱে ষ্টাৰলিংকৰ সহযোগত উপগ্ৰহীয় ৫জি সেৱা প্ৰৱৰ্তনৰ অৰ্থে চলাইছে প্ৰস্তুতি বৰ্তমান এলন মাস্কৰ মালিকানাধীন ষ্টাৰলিংকৰ কৃত্ৰিম উপগ্ৰহ আছে কমেও ৬,৪০০টা৷ কিন্তু এয়াৰটেল আৰু জিঅ’ৰ সন্মিলিত কৃত্ৰিম উপগ্ৰহৰ সংখ্যা সৰ্বাধিক ১৫০ গতিকে ষ্টাৰলিংকৰ ভাৰত প্ৰৱেশৰ পিছতে দেশৰ ইণ্টাৰনেট পৰিৱেশতন্ত্ৰ সলনি হোৱাটো অনিবাৰ্য

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial