বাঘ ওলাইছে ৰাইজ

বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাৰ কথা এবাৰ পূজাৰ বতৰত বাগিচাখনত পৰ্দাত চিনেমা চলি আছিল৷ তেতিয়াই এজন লোক পৰ্দাৰ সন্মুখত থিয় হ’ল লোকজনক আন এজন দৰ্শকে ভাগ ৰে অৰ্থাৎ আঁতৰি দিবলৈ আহ্বান জনালে সেই ভাগ ৰে শব্দটোৱেই কিন্তু শেষত কাল হ’ল দৰ্শকে ভাগ ৰেৰ সলনি শুনিলে বাঘ ৰে৷ ফলত বাঘ ওলোৱা বুলি হুৱাদুৱা লাগিল তাৰ পৰা পলাই পত্ৰং দিলে চাহ শ্ৰমিক দৰ্শক৷ এই পৰিস্থিতিয়েই বৰ্তমান অসমৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে বনৰ বাঘৰ সলনি মনৰ বাঘে খাবলৈ লৈছে ৰাইজক শোণিতপুৰৰ মিছামাৰী আৰু ৰঙাপৰাত শেহতীয়াকৈ দুষ্টচক্ৰই বাঘ ওলোৱা বুলি প্ৰচাৰ কৰি দিছিল৷ তাৰ পিছতে স্বাভাৱিকতে তাত ৰাতি বাহিৰলৈ নোলোৱা হ’ল ৰাইজ আনকি বাহিৰ ফুৰিবলৈয়ো নিশা ভয় কৰা হ’ল স্থানীয় জনতাই৷ শেষত বন বিভাগে বাঘ ওলোৱা নাই বুলিও স্পষ্টীকৰণ দিবলগীয়া হ’ল একেদৰে কিছুদিন পূৰ্বে নগাঁৱতো বাঘ ওলোৱা বুলি প্ৰচাৰ চলিছিল আনকি পুৰণি ভিডিঅ’ও প্ৰচাৰ কৰি দিছিল অজ্ঞাত লোকে৷ কিন্তু বাঘ কোনেও নেদেখিলে বৰ্তমান ফে’চবুকৰ পৰা নিমিষতে খবৰ বিয়পি যোৱাৰ ফলত এই উৰাবাতৰিয়ে বিভিন্ন এলেকা ছানি ধৰিছে উৰাবাতৰিৰ পৰা ৰক্ষা পাবলৈহে দৰকাৰী হৈছে আইন৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial