ইণ্ডিয়া মৰ্চা থান-বান!

কোনোপধ্যে EVM বেয়া বুলি মানি নলয় তৃণমূল কংগ্ৰেছে ইণ্ডিয়া মৰ্চাৰ অন্যতম দলটোৱে EVMত গণ্ডগোল নাই বুলিয়েই মানি লৈছে কংগ্ৰেছ আৰু এন চি পিয়ে ভোটিং মেচিন প্ৰত্যাহাৰৰ দাবীত ছুপ্ৰিম ক’ৰ্টলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ সময়ত মিত্ৰ দলটোৰে নেতা অভিষেক বেনাৰ্জীয়ে অৱস্থান কৰিছে বিপৰীত স্থিতিত বিষয়টোত যে ইণ্ডিয়াৰ অংশীদাৰৰ সৈতে তৃণমূলৰ মতপাৰ্থক্য আছে সেয়া স্পষ্ট কৰি মমতা বেনাৰ্জীৰ ভতিজাকে সমস্যাৰো সৃষ্টি কৰিলে৷ ওমৰ আব্দুল্লাৰ পিছত অভিষেকেও ই ভি এমৰ ব্যৱহাৰৰ সমৰ্থন কৰি হেকিঙৰ প্ৰমাণ দিবলৈ কংগ্ৰেছক আজি আহ্বান জনাইছে আনহাতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো বিচাৰিছে EVMৰ ব্যৱহাৰ আব্দুল্লাই কৈছে- কেৱল নিৰ্বাচনত হাৰিলেই EVMক দোষাৰোপ কৰাটো অনুচিত তেওঁ কয় যে লোকসভা নিৰ্বাচনত কংগ্ৰেছে ই ভি এমৰ জৰিয়তেই ১০০ খন আসনত বিজয় অৰ্জন কৰিছিল৷ তেতিয়া কিন্তু EVMক লৈ দলটোৰ সমস্যা নাছিল কিন্তু হাৰিয়ানা আৰু মহাৰাষ্ট্ৰত পৰাজিত হোৱাৰ পিছত কংগ্ৰেছৰ অকৌ সন্দেহ জন্মিল গতিকে প্ৰতিবাদ ধাৰাবাহিক হোৱা উচিত বুলিও আব্দুল্লাই কাৰ্যত: ৰাহুল গান্ধীক ইতিকিং কৰিলে৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial