কোনে দিলে আদানিক অধিকাৰ?

লোন ছেটেলমেণ্টৰ নামত সাধাৰণ গ্ৰাহকে জমা থোৱা ৪৫,৮৩৫ কোটি টকা বেংকৰ পৰা লুটি নিলে গৌতম আদানিয়ে এইসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰতীয় ষ্টেট বেংক৷ তদুপৰি বেংক অৱ মহাৰাষ্ট্ৰ, বেংক অৱ বৰোডা আৰু পঞ্জাৱ নেশ্যনেল বেংকৰ পৰাও উদ্যোগপতি গৌতম আদানিয়ে সৰকাইছে ৰাইজৰ ধন৷
তথ্য অনুসৰি হাউছিং ডেভেলপমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড নামৰ ৰিয়েল ইষ্টেট প্ৰতিষ্ঠানটোৱে বেংকক দিবলৈ আছিল ৭,৭৯৫ কোটি টকা কিন্তু কিছুদিন পূৰ্বে আদানি প্ৰপাৰ্টিজে এইচ ডি আই এল ১০০ কোটি টকাতে ক্ৰয় কৰিলে৷ তাৰ পিছত ঋণদাতা বেংকক ২৮৫ কোটি টকাহে আদায় দি ধাৰৰ মীমাংসাও কৰিলে অৰ্থাৎ ঋণ প্ৰদানৰ নামত বেংকৰ ৯৬ শতাংশ লোকচান হ’ল দ্বিতীয়তে ৰেডিয়াছ ইষ্টেট এণ্ড ডেভেলপাৰ্ছ নামৰ কোম্পানীটে বেংকৰ পৰা ১,৭০০ কোটি টকা ধাৰ লৈছিল কিন্তু মাত্ৰ ৫৬ কোটি টকাতে আদানি লিমিটেডৰ অংশ আদানি গুডহোমে প্ৰতিষ্ঠানটো ক্ৰয় কৰিলে তাৰ পিছত ঋণ দিয়া বেংকক আদানি গ্ৰুপে ৭৬ কোটি টকা দি হিচাপ-নিকাচ সমাপ্ত কৰিলে এইটো গোচৰতো বেংকৰ ৯৬ শতাংশ লোকচান হ’ল৷ তৃতীয়তে নেশ্যনেল ৰেঅ’ন কৰ্পৰেশ্যনে বেংকক দিবলৈ আছিল ১,১৭৫ কোটি কিন্তু আদানি প্ৰপাৰ্টিজেই কোম্পানীটো ৪০ কোটি টকাত কিনিলে তাৰ পিছত বেংকৰ সৈতে ঋণৰ মীমাংসা কৰি আদায় দিলে ১৬০ কোটি টকা এইবাৰ ধাৰ দিওতা বেংকৰ হ’ল ৮৬ শতাংশ ঘাটী এইদৰে আদানি গ্ৰুপে মুঠ ৯টা কোম্পানী কিনিলে এই প্ৰতিষ্ঠানসমূহে চাৰিটা বেংকক দিবলগীয়া আছিল ৬১,৮৩২ কোটি টকা কিন্তু আদানি গ্ৰুপে অধিগ্ৰহণৰ পিছত ঋণ মীমাংসা কৰিলে ১৫,৯৯৭ কোটি টকাত অৰ্থাৎ দেখ দেখকৈ বেংকে ৪৫,৮৩৫ কোটি টকা আদানিক দি দিলে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial