আনন্দ মিশ্ৰ এতিয়া ক’ত আছে? IPS আনন্দ মিশ্ৰই বৰ্তমান কি কৰি আছে? বক্সাৰত নিৰ্বাচনী পৰাজয়ৰ পিছত আনন্দ মিশ্ৰৰ খবৰেই নোহোৱা হ’ল অসমত ৰাজত্ব কৰি থকা IPS মিশ্ৰ হৈ পৰিল সন্ধানহীন পলিটিক্স কৰিবলৈ চাকৰিও এৰিলে৷ কিন্তু বিজেপিতো সোমাব নোৱাৰিলে তাৰ পিছতো অৱশ্যে গৃহৰাজ্য বিহাৰতে আছে আনন্দ মিশ্ৰ অসমত অনুৰাগীয়ে ঘেৰি ৰখা মিশ্ৰৰ বিষয়ে আছে নতুন খবৰ৷ আনন্দ মিশ্ৰ যে আকৌ অসমলৈ অহাৰো সম্ভাৱনা আছে সেয়াও বৰ্তমান দৃশ্যান হৈছে বন্ধুমহলে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনত হৰাৰ পিছতো ৰাজনৈতিক কেৰিয়াৰ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল মিশ্ৰই৷ তেওঁ ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি লৈছিল তথাপি কিন্তু মিশ্ৰক বিজেপিয়ে দলত প্ৰৱেশৰ অনুমতি দিয়া নাই তাৰ পিছতে নীতিশ কুমাৰৰ জনতা দল ইউনাইটেডতো মূৰ গুজিবলৈ মিশ্ৰই চেষ্টা কৰিছে আনন্দ মিশ্ৰৰ শেষৰটো বিকল্প হৈছে প্ৰসান্ত কিশোৰৰ জন সুৰাজ পাৰ্টী৷ বিহাৰৰ আগন্তুক বিধানসভা নিৰ্বাচনত বক্সাৰ জিলাৰে এটা বিশেষ সমষ্টিৰ পৰা অৱৰ্তীণ হ’বলৈ তেওঁ এতিয়াও আশা পালি আছে সেয়ে এই তিনিটা দলৰ ভিতৰত যিকোনো এটাত প্ৰৱেশৰ বাবে তেওঁ চলাইছে চেষ্টা৷ যদি সকলো ঠিকে থাকে তেন্তে প্ৰশান্ত কিশোৰৰ দলতে IPS আনন্দ মিশ্ৰৰ প্ৰৱেশ ঘটিব পাৰে কিন্তু শেষত বিজেপি নেতৃত্বৰ সেউজ সংকেত লাভ কৰিলেই তেওঁ নিৰ্বাচনৰ বাবে সাজু হ’ব পিছে বক্সাৰৰ বিজেপি নেতাই গ্ৰহণ কৰিব বিচৰা নাই মিশ্ৰক৷ সেয়ে দলটোৱে এতিয়াও দোধোৰ-মোধোৰ কৰি আছে কিন্তু আশা পালি আছে মিশ্ৰই