বেইমানি কৰিলেও ৰিপুনেই আপোন

লাগিলে ৰিপুন বৰাকে বিশ্বাক কৰিব
তথাপি হাইকমাণ্ডে বিশ্বাস নকৰে ভূপেন বৰাক
প্ৰদেশ কংগ্ৰেছৰ সভাপতিক মুঠেও বিশ্বাস কৰিব নোৱাৰে দিল্লীয়ে৷ সেয়ে এবাৰ ওলাই গৈ তৃণমূল কংগ্ৰেছ কৰাৰ পিছতো ৰিপুন বৰাকে দিল্লীয়ে অগ্ৰাধিকাৰ দিছে৷ তথাপি ভূপেন বৰাক দিয়া নাই গুৰুত্ব৷
বেইমানি কৰাৰ পিছতো ৰিপুন বৰায়েই গান্ধী পৰিয়ালৰ বাবে বিশ্বস্ত হৈ আছে৷ সেয়ে তেওঁক APCCৰ পলিটিকেল এফেয়াৰ্ছ কমিটীৰ সভাপতি হিচাপেও নিযুক্তি দিয়া হৈছে৷
এই পদত ৰিপুনক নিযুক্তি দিছে জিতেন্দ্ৰ সিঙে৷ কিন্তু দিল্লীৰ ফৰমাইছ অনুসৰিহে তেওঁক সভাপতি পতা হৈছে৷ জিতেন্দ্ৰ সিঙে যিহেতু ভূপেন বৰাৰ বিষয়ে দিল্লীত ভালকৈ প্ৰতিবেদন দিয়া নাই, সেয়ে ৰিপুনকে বেছি বিশ্বাসযোগ্য হিচাপে হাইকমাণ্ডে বিবেচনা কৰিছে৷
এইদৰে লাহে লাহে প্ৰদেশ কংগ্ৰেছৰ সমস্ত দায়িত্ব পুনৰাই ৰিপুনৰ হাতত ন্যস্ত কৰিবলৈ আৰম্ভ কৰা হৈছে৷
এবাৰ দলত প্ৰতাৰণা কৰি তৃণমূল কংগ্ৰেছলৈ যোৱাৰ পিছতো ৰিপুনৰ কদৰ কমা নাই৷ কিন্তু ভূপেন বৰাক মুঠেও বিশ্বাস নকৰা হৈছে দিল্লীয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email