আনন্দৰ শত্ৰু হৈ পৰিছে ব্ৰেথ এনালাইজাৰ
এইবাৰ পিকনিকৰ বাবে মদ নোখোৱা বন্ধুৰ প্ৰয়োজন হৈছে যুৱকসকলক৷ দলটোত থকা এজন যুৱকে অৱশ্যে মদ নাখালেই নহ’ব৷ তেওঁ ড্ৰাইভিং কৰিবলৈয়ো জানিব লাগিব৷
কাৰণ ব্ৰেথ এনালাইজাৰে পিকনিকৰ মাদকতা নোহোৱা কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ফে’চবুক লাইভত কোৱাৰ পিছতে হাতত বন্দুকৰ সলনি ব্ৰেথ এনালাইজাৰ লৈ ৰাস্তাৰ কাষত থিয় হৈ আছে পুলিচ৷
পিকনিকৰ বতৰত পুলিচে হাতত লাঠী আৰু বন্দুক নোলোৱা হৈছে৷ তাৰ সলনি ব্ৰেথ এনালাইজাৰ লৈ সকলোৰে মুখৰ ফালে টোঁৱাই দিছে৷
এপেগ মদ খোৱাসকলক অৱশ্যে পুলিচে যাবলৈ দিছে, দুপেগ খোৱাসকলকো ক্ষমা কৰিছে৷ কিন্তু তিনিপেগ খাই ৰজা হোৱাসকলক ধৰি বান্ধি কিলাইছে পুলিচে৷
কিন্তু গাহৰি মাংসৰ বৰ্ধিত দামেও উজনিত কমাইছে পিকনিক৷ গাহৰিৰ কেজি ৫০০ টকা হোৱাৰ ফলত পিকনিক পাৰ্টীৰ সংখ্যা কমি গৈছে৷