বেলি লহিয়াইছিলহে, হঠাতে বিয়লি হ’ল
কিয় নাজানো, সোনকালেই দেখোন বেলিটো ৰঙচুৱা হ’ল
আমি কোনেও গমকে নাপালোঁ, ৰঙচুৱা বেলিটো টুপুঙকৈ শুক্ৰাচাৰ্যৰ চকুত মাৰ গ’ল
প্ৰিয় দৰ্শক, আপোনাসৱে জানেনে
বৰ আচৰিত এই জীৱন। মৰণো বিস্ময় আৰু প্ৰহেলিকাৰে পৰিপূৰ্ণ।
কি আশ্চৰ্য তাড়নাত মানুহ মৰে? সিপাৰৰ পৰা আহে নেকি আমোঘ সন্মোহিনী আমন্ত্ৰণ?
আহে কিজানি
নহ’লেনো ইমান এটা স্বপ্নময় কাংক্ষিত জীৱন সামৰি কিয় গুচি গ’লহেঁতেন শুক্ৰাচাৰ্য ৰাভা?
কিন্তু আজিয়েই জানো? জীৱন দেখোন সদায়েই ৰুদ্ধশ্বাস এডভেন্সাৰ। আলো-অন্ধকাৰৰ উদভ্ৰান্ত খেলা।
সাফল্য-ব্যৰ্থতা-উল্লাস-বিষণ্ণতাৰ ককটেইল৷ কিন্তু আদবাটতে কিয় ইমান ক্লান্তিয়ে হেঁচা মাৰি ধৰিলে শুক্ৰাচাৰ্যক?
গল্পবোৰ নাটকৰ ৰূপত ক’বলৈ বহুতে ইচ্ছা কৰে৷ কিন্তু ক’ব যে নোৱাৰে! গল্পবোৰ তেতিয়া ওপঙি ৰয়।
প্ৰিয় দৰ্শক, বেয়া নাপাব
এজন মানুহৰ কথা ক’বলৈ গৈ দীঘলীয়া পাতনি মেলিলোঁ
মানুহজন আছিল শুক্ৰাচাৰ্য ৰাভা, সকলোৰে চিনাকি চুক্ৰেদা
জীৱনৰ মাজবয়সতে সৰ্বগ্ৰাসী ক্লান্তিয়ে হৰুৱাই দিয়া শুক্ৰাচাৰ্য গুচি যোৱা কেইবছৰমান হ’ল৷ কিন্তু শুক্ৰাচাৰ্যই আৰম্ভ কৰি থৈ যোৱা বাদুংদুপ্পা কলাকেন্দ্ৰই এইবাৰো পাতিছে আণ্ডাৰ দ্য শাল ট্ৰী ফেষ্টিভেল৷
শুক্ৰাচাৰ্যই যেনেকৈ আৰম্ভ কৰিছিল, তেনেদৰেই গছৰ তলত চাৰিটা ভাষাত হৈছে নাটক৷
নাটকেৰেই শুক্ৰাচাৰ্যই কৈছিল- জীৱন এটা পৰীক্ষা। জীৱনে অহৰ্নিশে ঠেলি দিব নতুন-নতুন প্ৰত্যাহ্বানৰ মুখলৈ। গঁতিয়াই দিব পাৰে আশাহীনতাৰ অন্ধকাৰ গহ্বৰত।
তথাপি আমি ভবা নাছিলোঁ- গোৱালাপাৰাৰ শুক্ৰাচাৰ্য ইান সোনকালে গুচি যাব বুলি৷
আমি জানোঁ- জীৱন সহজ নহয়। তথাপি ভাবো- জীৱন জয়ৰহে গদ্য! জীৱন উদ্যাপনৰ মধূৰ পদ্য! আৰু প্ৰত্যাৱৰ্তনৰ মহাকাব্য।
সেয়ে আমি ভাবোঁ- নাটকেৰেই উভতি আহিব শুক্ৰাচাৰ্য৷ শাল গছৰ তলতে বহি থাকিব আমাৰ চুক্ৰেদা৷