অখিল গগৈক আচলতে ভেকাহি মাৰি দিলে লুৰীণজ্যোতিয়ে
ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ একত্ৰীকৰণক লৈ অখিলৰ তৎপৰতাত লুৰীণজ্যোতি গগৈয়ে পানী ঢালি দিলে৷ লগতে পাকেপ্ৰকাৰে অখিলৰ চেষ্টাৰ প্ৰতিও লুৰীণে সন্দেহ ব্যক্ত কৰিলে৷
পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলাই লুৰীণজ্যোতি উপস্থিত হৈছিল বৰপেটাৰ ভেল্লাত৷ এই সভাতে লুৰীণ ক’লে এষাৰ বিশেষ কথা৷
একত্ৰীকৰণৰ বাবে অখিললে চলোৱা চেষ্টাৰ প্ৰতি সন্দেহ ব্যক্ত কৰি তেওঁ ক’লে
একত্ৰীকৰণৰ বাবে বিজেপিহে উদবাউল হৈ পৰিছে
অৰ্থাৎ অখিল গগৈৰ চেষ্টাৰ প্ৰতিও তেওঁ সন্দেহ ব্যক্ত কৰিলে৷ বিশেষ নেতাক পাকেপ্ৰকাৰে বিজেপিৰ এজেণ্ট বুলিও লুৰীণে অভিহিত কৰিলে৷
এই ঘোষণাৰ পিছত অখিলৰ প্ৰস্তাৱ লুৰীণে কাৰ্যতঃ নস্যাৎ কৰিলে৷
আনহাতে লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ডিব্ৰুগড়ত লুৰীণৰ সন্মুখতে অখিলে দিছিল বিশেষ প্ৰতিশ্ৰুতি৷ ডিব্ৰুগড়ত লুৰীণ জিকিলেই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একত্ৰিত হ’ব বুলি তেওঁ ৰাজহুৱা ঘোষণা কৰিলিল৷
পিছে ডুবিবলৈ ধৰা মানুহে খেৰকূটাকো সাবটি ধৰাৰ দৰেই যে তেতিয়া লুৰীণে অখিল গগৈৰ আহ্বান শুনি আছিল সেয়াও স্পষ্ট হৈ পৰিছে৷
অখিলৰ আহ্বানৰ প্ৰতি সন্দিহান হৈ লুৰীণে প্ৰকট কৰিলে অবিশ্বাস৷