আজিকালি গৰুৱে খেৰ নাখায়
অৱশ্যে সকলো খেৰেই নোখোৱা নহয়৷ কিন্তু মেচিনেৰে মৰা ধানৰ খেৰত গৰুৱে মুখেই নিদিয়ে৷
ধান কটা আৰু মৰণা মৰাৰ বাবে বৰ্তমান অত্যাধুনিক সজুলি ওলাইছে৷ প্ৰতিঘণ্টাত ১২০০ৰ পৰা ১৫০০ টকা ভৰি সেইবোৰ খেতিয়কে ব্যৱহা কৰিছে৷
বিশেষকৈ মৰণা মৰা সজুলিবিধ গ্ৰামাঞ্চলত অধিক ব্যৱহৃত হৈছে৷ কিন্তু সেইটো মেচিনত মৰণা মৰাৰ পিছত খেৰবোৰ নোখোৱা হৈছে গৰুৱে৷
খেতিয়কে প্ৰকাশ কৰা অনুসৰি মেচিনত ধান সুমৱাই দিয়াৰ ফলত খেৰবোৰৰ পৰা ডিজেলৰ দৰে গোন্ধ ওলায়৷ মৰণা মৰা মেচিনৰ পৰা তেলৰ ছিটিকনি পৰাৰ বাবে খেৰবোৰ গোন্ধায়৷
সেয়ে মেচিনত মৰা ধানৰ খেৰ গৰুৱে নাখায়৷ এই সমস্যাটোৱেই গ্ৰামাঞ্চলত গৰু পোহাটো কৰি তুলিছে অধিক জটিল৷ আগতে ঘাঁহৰ অভাৱত খেৰৰ মেজিতে বান্ধি হ’লেও গঞাই গাই এজনী প্ৰতিপাল কৰিছিল৷ কিন্তু মেচিনৰ খেৰ গৰুৱে আজিকালি মুখতে নিদিয়ে৷
মেচিনৰ খেৰ আজিকালি পথাৰতে খেতিয়কে এৰি থৈ আহে৷ ধান মৰাৰ পিছত পথাৰতে পেলাই থৈ আহে খেৰ৷