মামাক নেদেখিলোঁও চুই চাবলৈ নাপালো ৰাজ্যৰ এটা প্ৰান্ত ভ্ৰমণকালত এগৰাকী মহিলাই এইদৰে কৈয়েই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাবটি ধৰিছিল৷
হিতাধিকাৰী মহিলাৰ এই আচৰণ অৱশ্যেই নতুন নহয়৷ পিছে প্ৰশ্ন উদ্ৰেক হৈছে অসমৰ মুখ্যমন্ত্ৰীক লৈহে৷
কথাটো হৈছে নিৰাপত্তাজনিত কাৰণত ডঃ হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহ দপ্তৰে প্ৰদান কৰিছে Z PLUS নিৰাপত্তা৷ পূৰ্বে তেওঁক কেৱল অসমৰ ভিতৰতহে Z PLUS দিয়া হৈছিল৷ কিন্তু প্ৰাণৰ প্ৰতি ভাবুকি থকাৰ বাবেই সমগ্ৰ দেশকে শৰ্মাক দিয়া হৈছে NSGৰ নিৰাপত্তা বেষ্টনী৷
কিন্তু Z PLUS নিৰাপত্তাত থকা নেতাক কোনো অচিনাকি মহিলাই সাবটি ধৰাটো দেখ দেখলৈ নিৰাপত্তাৰ প্ৰতি ভাবুকি৷
বিগত সময়ত চোৰাংচোৱাৰ সকীয়নি উপেক্ষা কৰি ৰাইজৰ কাষ চাপি যোৱাৰ বাবেই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল তৎকালীন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে৷
সেইদৰে এতিয়া Z PLUS সুৰক্ষা বেহুত থাকিও অচিনাকি মহিলালৈ গালখন আগবঢ়াই দিছে অসমৰ মুখ্যমন্ত্ৰীয়ে৷ যি কাণ্ড তেওঁৰ প্ৰাণৰ প্ৰতি ভয়াৱহ হিচাপে ক’ব পাৰি৷
গতিকে সাৱধান হোৱা উচিত ডঃ হিমন্ত বিশ্ব শৰ্মা৷