মোদীৰ বন্ধু ড’নাল্ড ট্ৰাম্পে নাগৰিকত্ববিহীন হিচাপে ঘোষণা কৰিব ১৮ হাজাৰোধিক ভাৰতীয়ক৷ তেওঁলোকক আমেৰিকাৰ পৰাও ঘূৰাই পঠিয়াই দিব নৱনিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতিয়ে৷ জানুৱাৰীত দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই ট্ৰাম্পে প্ৰস্তুত কৰিছে অবৈধ আৱাসীৰ তালিকা৷
ভিছা লৈ আমেৰিকাত চাকৰি কৰি থকা ভিন্নৰাষ্ট্ৰৰ ১৫ লাখ প্ৰৱাসীক অনুপ্ৰৱেশকাৰী বুলিও অভিহিত কৰা হৈছে৷ সেইসকলৰ ভিতৰত আছে ১৮ হাজাৰোধিক ভাৰতীয়৷ যিসকলৰ বেছিভাগেই আকৌ গুজৰাটী৷
আমি লাভ কৰা কবৰ অনুসৰি এইসকলৰ ৬ জন প্ৰৱাসী হৈছে অসমৰ৷ ইয়াৰে ৪ জনৰে উপাধি বৰুৱা৷ এইসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিবলৈ আমি সক্ষম হৈছোঁ৷
আনহাতে মাৰ্কিন সংবাদপত্ৰৰ খবৰ অনুসৰি দেশখনৰ প্ৰব্ৰজন আৰু শুল্ক প্ৰৱৰ্তক বিভাগে ইতিমধ্যে চিনাক্ত কৰিছে ১৫ লক্ষাধিকক৷ এইসকলে এইচ-১ ভিছাৰ জৰিয়তে দেশখনত বাহৰ পাতি আছে৷ কিন্তু তেওঁলোকৰ নথি-পত্ৰক পৰৱৰ্তী চৰকাৰে অবৈধ হিচাপে গণ্য কৰিব৷
সেয়ে আমেৰিকাৰ পৰা ওভতাই পঠিওৱা হ’ব প্ৰৱাসী জনতাক৷ আনহাতে পিউ ৰিচাৰ্ছৰ তথ্য অনুসৰি অবৈধ নথিৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত এতিয়াও বাহৰ পাতি আছে ৭,২৫,০০০ ভাৰতীয়৷ যি পৰিসংখ্যা দেশখনত থকা মেক্সিক’ আৰু এল ছালভাডৰৰ প্ৰৱাসীৰ পিছতে অধিক৷ গতিকে ট্ৰাম্প প্ৰশাসনে সকলোকে ওভতাই পঠিয়াব বুলি চলিছে চৰ্চা৷ কিন্তু আরম্ভণিতে যে ১৭,৯৪০ গৰাকী প্ৰৱাসী ভাৰতীয় উভতি আহিব লাগিব সেয়া অৱধাৰিত৷