আকৌ শাৰদ পাৱাৰৰ কাষলৈ অজিত

বিজেপিৰ শিবিৰত জোকাৰণিৰ সৃষ্টি কৰি খুৰা শাৰদ পাৱাৰৰ কাষ চাপিছে অজিত পাৱাৰ৷ মহাৰাষ্ট্ৰৰ মহাযুটী চৰকাৰৰ উপ-মুখ্যমন্ত্ৰীজনে আজি আচম্বিতে সাক্ষাৎ কৰিছে নিজৰ ৰাজনৈতিক গুৰু তথা অবিভাজিত এন চি পিৰ মুৰব্বীক৷
দেৱেন্দ্ৰ ফাড়নৱিছ চৰকাৰত উপেক্ষিত হোৱা বুলি অজিত পাৱাৰক লৈ চলি থকা চৰ্চাৰ সময়তে তেওঁ ৰহস্যজনক ৰাজনৈতিক স্থিতিত অৱস্থান কৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি আজি শাৰদ পাৱাৰৰ সৈতে ৰুদ্ধদ্বাৰ আলোচনাত মিলিত হৈছে অজিত৷
বিগত সময়ত শাৰদ পাৱাৰৰ এন চি পিৰ পৰাই বিভাজিত হৈ সুকীয়া ফৈদ গঠন কৰা নেতাজন আঢ়ৈবছৰৰ পূৰ্ব বিজেপিৰ মিত্ৰ হৈছিল৷ তেতিয়াৰ পৰাই মহাযুটীৰ অংশীদাৰ নেতাজনে শাৰদ পাৱাৰৰ সৈতে দূৰত্ব বজাই ৰাখিছিল৷ কিন্তু আজি তেওঁ গোপনে সাক্ষাৎ কৰিলে খুৰাকক৷ যাৰ বাবে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে৷
কিন্তু বিজেপিৰ বাবে শাৰদ-অজিতৰ বৈঠক অস্বস্তিকৰ হৈ পৰাৰো কাৰণ আছে৷ কিয়নো বৰ্তমান মহাৰাষ্ট্ৰত অজিত পাৱাৰ আৰু একনাথ সিন্দেৰ সৈতে মিলি বিৰোধীপক্ষৰ আছে চৰকাৰ গঠনৰ শক্তি৷ গতিকে মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত হৈ একনাথ সিন্দে অসন্তুষ্ট হোৱাৰ সময়ত বৈঠকখনে ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে৷
আনহাতে মাহৰ মাৰ দেখি তিলে বেত মেলাৰ দৰেই অৱস্থা হৈছে নীতিশ কুমাৰৰো৷
তেওঁ আকৌ আৰম্ভ কৰিছে পক্ষ সলনিৰ কুচকাৱাজ৷ খবৰ অনুসৰি আকৌ লালুপ্ৰসাদ যাদৱৰ কাষ চাপিছে নীতিশ৷ বিহাৰৰ বিধানসভা নিৰ্বাচনৰ দিন চাপি অহাৰ সময়ত নীতিশে মিত্ৰতা সলনি কৰাৰ খবৰ হৈ পৰিছে অপেন-ছিক্ৰেট৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email