মিঞাই পালে, গোৰ্খাই নাপালে

গোৰ্খা জনসংখ্যা আছে প্ৰায় ২৫ লাখ
২০১১ চনৰ লোকপিয়ল অনুসৰিয়েই অসমত গোৰ্খা লোকৰ সংখ্যা ২৫ লক্ষাধিক৷ কিন্তু এই বৃহৎ জনসমষ্টিৰ বাবে ৰাজ্যৰ ৰাজনীতিত কেইজন প্ৰতিনিধি আছে?
অসমৰ জনজীৱনৰ সৈতে বিলীন হোৱা গোৰ্খাসকলেই হৈছে ৰাজনৈতিকভাৱে সবাতোকৈ নিষ্পেষিত সম্প্ৰদায়৷ এই কথা তথ্যই প্ৰকাশ কৰিছে৷
আমি কেবাদিনীয়া জৰীপৰ অন্তত লাভ কৰা তথ্য অনুসৰি ৰাজ্যৰ পঞ্চায়তসমূহত গোৰ্খা প্ৰতিনিধিৰ সংখ্যা হৈছে প্ৰায় ২০০ জন৷ অৰ্থাৎ ২৫ লক্ষাধিক গোৰ্খাৰ মাজৰ ২০০তকৈয়ো কম লোকেহে পঞ্চায়ত প্ৰতিনিধি হিচাপে বিজয় অৰ্জন কৰিছে৷
পৌৰসভাতো গোৰ্খা প্ৰতিনিধিৰ সংখ্যা ৫০ জনতকৈ কম৷ নগৰ পালিকাসমূহত গোৰ্খা প্তিনিধি নাই বুলিয়েই ক’ব পাৰি৷
তদুপৰি অসম বিধানসভাত গোৰ্খা বিধায়ক আছে মাত্ৰ দুজন৷
কিন্তু গোৰ্খাসকল ৰাজনৈতিকভাৱে পিছপৰি থকাৰ সময়ত আনসকল সম্প্ৰদায়ে কাঢ়ি লৈছে অধিকাৰ৷ মিঞা বা আনসকলে ৰাজনীতিত নিজৰ দখল স্যবস্ত কৰিছে৷ কেৱল পিছ পৰি আছে অসমীয়া জাতিত জাহ যোৱা গোৰ্খাসকল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email