মাজুলীৰ দলং এতিয়া মাত্ৰ সপোন

দলং দেৰী হ’ব, গতিকে মাজুলীৰ পৰা নিমাতীলৈ চলোৱা হৈছে নৈশ ফেৰী৷ ৰাইজক দলঙৰ বাবে ভাল খবৰ দিব নোৱাৰি চৰকাৰে চলাইছে ফেৰী৷ প্ৰাপ্ত তথ্য অনুসৰি যোৰহাট-মাজুলী দলঙৰ বাবে সম্পূৰ্ণ নতুন নিবিদা আহ্বানত এতিয়া কিছু সময়ৰ দৰকাৰ হ’ব৷ গতিকে দলং সম্পূৰ্ণ হ’বলৈ লাগিব প্ৰায় ৮ বছৰ সময়৷
আনহাতে বৰ্তমান কুঁৱলীৰ বাবে দিনতে চলিব নোৱাৰা হৈছে ফেৰী৷ তেনেস্থলত আকৌ মাজুলীলৈ প্ৰৱৰ্তন কৰা হৈছে নৈশ ফেৰীসেৱা৷ নিশা নিমাতী আৰু মাজুলীৰ মাজত ফেৰীসেৱা বন্ধ থকাৰ ফলত ৰোগী উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ নিবলৈ বিভিন্ন সমস্যাৰ সন্মুখীন হয়৷ মাজুলী আৰু নিমাতী মাজত চলাচল কৰা ফেৰী প্ৰায়ে বিয়লি চাৰি বজালৈ চলাচল কৰে৷ কিন্তু যোৱা ১০ মাৰ্চৰ পৰা নিমাতী আৰু মাজুলীৰ মাজত এখন নৈশ ফেৰী আৰম্ভ হৈছিল৷ পিছে এই ফেৰীসেৱা কেইদিনমান চলাচল কৰাৰ পিছতেই বিভিন্ন কাৰণত বন্ধ হৈ গৈছিল৷ মাজুলীৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ সেৱা আৰম্ভ কৰা হৈছে৷
অলপতে অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ চলিছে এম ভি জাহ্নৱী নামৰ নৈশ ফেৰীখন৷ এই তৎপৰতাই প্ৰতিপন্ন কৰিছে দল নিৰ্মাণত হোৱা অচলাৱস্থা৷ দলং সম্পূৰ্ম হ’বলৈ যে দীৰ্ঘ সময়ৰ প্ৰয়োজন হ’ব সেয়াও হৈ পৰিছে স্পষ্ট৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email