কোনো নহয়
তপন গগৈ, ৰামেশ্বৰ তেলী অথবা কোনোৱেই প্ৰদেশ বিজেপিৰ সভাপতি নহয়
প্ৰদেশ বিজেপিৰ সভাপতি হ’ব এজন অখ্যাত নেতা৷ যিজনক দিল্লীয়ে বাছনি কৰিছে৷ RSSৰ নিৰ্দেশ অনুসৰিয়েই প্ৰদেশ বিজেপিৰ সভাপতি হ’ব প্ৰদীপ ঠাকুৰীয়া৷
অসম বিজেপিৰ বৰ্তমানৰ সবাতোকৈ জ্যেষ্ঠ নেতাজনে কেতিয়াও নিৰ্বাচন খেলা নাই৷ কিন্তু ৰাজ্যত দলৰ ভেটি স্থাপনৰ বাবে তেওঁ জীৱনেই উছৰ্গা কৰিছে৷
অসমত বিজেপিৰ সংগ্ৰামৰ সময়ত প্ৰদীপ ঠাকুৰীয়া আছিল যুৱ মৰ্চাৰ সভাপতি৷ তদুপৰি তেওঁ কেশৱ ধামৰ অনুগত হিচাপে পৰিচিত৷
বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ বাবে RSSৰ বাৰ্তাবাহকো পূৰ্বে প্ৰদীপ ঠাকুৰীয়াই আছিল৷ বৰ্তমান তেওঁকে প্ৰদেশ বিজেপিৰ সভাপতি পদত অধিষ্ঠিত কৰিবলৈ সংঘই দলৰ কেন্দ্ৰীয় নেতৃত্বক নিৰ্দেশ দিছে৷
লোকসভা নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ পিছত প্ৰতিখন প্ৰদেশতে সংঘই অভিযান চলাইছে৷ আকৌ বিপৰ্যয় ৰোধ কৰিবলৈ পুৰণি কৰ্মীৰে তৃণমূলত নামি পৰিছে স্বয়ংসেৱক৷
সেয়ে অসমতো ন–বিজেপিৰ সলনি প্ৰদীপ ঠাকুৰীয়াক আগবঢ়াই দিছে সংঘই৷