ভাল পালে বুলিয়েই ধনীয়া বেছিকৈ নাখাব
সাৰ দি কৰা ধনীয়া গেষ্ট্ৰিকৰ কাৰণ৷ বিশেষকৈ গেছৰ সমস্যাত ভোগসকলে ধনীয়া নাখাব৷ অন্যথা কিন্তু হ’ব পেটৰ বিষ৷
অৱশ্যে গেষ্ট্ৰিকত অপকাৰী হ’লেও ধনীয়াৰ আছে উপকাৰী গুণ৷ পুৱা যদি আপুনি এগিলাচ ধনীয়াযুক্ত পানী খায়, তেন্তে ওজন হ্ৰাস পাব৷ শকত মানুহো ক্ষীণাই যাব৷
ধনীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-কে, ভিটামিন-চি আৰু ভিটামিন-এ থাকে৷ এইবোৰে চুলি মজবুত কৰাত সহায় কৰে৷ এগিলাচ পানীত তিয়াই ধনীয়া খালে শিপাৰ পৰা চুলি মজবুত হয়৷ চুলি সৰাৰ সমস্যাও নোহোৱা হয়৷
চিকিৎসকৰ মতে পুৱা ধনীয়া মিহলোৱা পানী খালে হজম শক্তি ভাল হয়৷
ধনীয়াযুক্ত পানী ডায়েবেটিছ ৰোগীৰ বাবেও উপকাৰী৷ এই পথ্যই ডায়েবেটিছ ৰোগীৰ তেজত চেনিৰ মাত্ৰা হ্ৰাস কৰে৷
ধনীয়াত থকা আইৰন আৰু এন্টি-বেক্টেৰিয়েল গুণে মুখত শালমইনা নোহোৱা কৰাতো সহায় কৰে৷
চিকিৎসকৰ মতে ৰাতি শুবলৈ যোৱাৰ আগে আগে এগিলাচ পানীত এচামুচ ধনীয়া গুটি দি ৰাতিটো পানী তিয়াই ৰাখিব লাগে৷ পিছদিনা সেই পানী গুটি অবিহনে পান কৰিলেই ফল পোৱা যায়৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email