এতিয়াহে সুখী মিষ্টাৰ ফুকন

প্ৰশান্ত ফুকনে এতিয়া তেওঁ শান্তি পাইছে
আগে পিছে দুখন ৰঙা লাইটৰ গাড়ীত উঠিহে হেঁপাহ পূৰ হৈছে প্ৰশান্ত ফুকনৰ৷
১৮ বছৰ MLA হৈ শেষত নিধিৰাম চৰ্দাৰৰ দৰে মন্ত্ৰী হ’ল প্ৰশান্ত ফুকন৷ ৰজা হ’ম বুলি আশা পালি থাকোতেই নাছিৰুদ্দিন মোল্লা হতাশ হোৱাৰ দৰেই শেষলৈ হতাশো হৈ পৰিছিল প্ৰশান্ত ফুকন৷
কিন্তু এবছৰীয়া মন্ত্ৰী হ’বলৈ পালে প্ৰশান্ত ফুকন৷ এতিয়া আগলৈ একো নহ’লেও প্ৰাক্তন মন্ত্ৰী বুলি লিখিবলৈ পাব তেওঁ৷
কিন্তু ডিব্ৰুগড়ৰ MLA ফুকন Mnister হোৱাৰ পিছতে লাগিছে খদমদম৷চহৰৰ ৰূপনগৰত থকা ফুকনৰ ঘৰত আগতে নাছিল ব্যস্ততা৷
কেইজনমান অতিথিয়েই আছিল বিধায়কৰ ঘৰত৷ কিন্তু মন্ত্ৰী হোৱাৰ পিছত কালিৰে পৰা প্ৰশান্ত ফুকনে দৌৰাই দিছে দীঘল কনভয়৷
তেওঁৰ কনভয়ত আগে আগে দৌৰিছে পাইলট কাৰ৷ পিছতো ৰঙা লাইট লগাই চলিছে নিৰাপত্তাৰক্ষীৰ গাড়ী৷ মুঠতে ৰঙা লাইট লগোৱা গাড়ীত উঠিবলৈ পোৱাৰ হেঁপাহ পূৰ হৈছে ফুকনৰ৷ এতিয়া তেওঁ সুখী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email