এইবাৰ অসমত নাই ন-চাউল

মাহ-প্ৰসাদ এমুঠি দিয়েই পাল মাৰি থৈছে
উজনিৰ কেইখনমান গাঁৱৰ বাদে আন ক’তোৱেই এইবাৰ নাই ন-খোৱা৷ কেৱল মাহ-প্ৰসাদ এমুঠি দি ন-চাউল লগোৱাৰ নিয়মটো কৰিয়েই অনুষ্ঠান সামৰি থৈছে অসমীয়াই৷
মন কৰিবচোন
মধ্য আৰু নামনি অসমৰ অসমীয়াই এইবাৰ ন-খোৱা পতা নাই৷ আগতে মাছ-মাংসৰে নিশা এসাঁজ খোৱাৰ সলনি এইবাৰ গধূলিতে দিছে এমুঠি প্ৰসাদ৷
অৱশ্যে পাতিবলৈয়ো উপায় নাই৷ কাৰণ এইবাৰ খেতিও মাটিৰ অসমীয়া মালিকে কৰা নাই৷ মাটিবোৰ দিছে মিঞা খেতিয়কক৷
ঘৰৰ অসুবিধাৰ বাবে ট্ৰেক্টৰ লগাই খেতি কৰিবলৈ অসমীয়া মালিকৰ ক্ষমতা নাই৷ নতুন প্ৰজন্ই যিহেতু খেতিত ধৰা নাই, সেয়ে তেওঁলোকে কৰা নাই থেতি৷
অসমীয়াৰ পৰা মাটি আধি লৈ খেতি কৰিছে মিঞা খেতিয়কে৷ তেওঁলোকে মাটিৰ বাবদ অসমীয়া মালিকক দিছে এমুঠি ধান৷
গতিকে ন-খোৱাৰ দৰে পুৰণি নিয়মবোৰ উঠিয়েই গৈছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email