যিয়ে যিমানে ঠাট্টা নকৰক, ফে’চবুকত মীম নোলাওক- অসমত বাটি-ছেটৰ জনপ্ৰিয়তা কমা নাই৷ বিয়াৰ বতৰত যিমান টকাৰ বাটি-ছেট বিক্ৰী হৈছে, অসমত অনুষ্ঠিত আটাইকেইখন গ্ৰন্থমেলাতে সিমান টকাৰ কিতাপেই বিক্ৰী হোৱা নাই৷
বিয়াৰ ভৰপক বতৰত অসমত সবাতোকৈ বিক্ৰী হোৱা সামগ্ৰীবিধেই হৈছে আইনাৰ বাটি-ছেট৷ আমি পাইকাৰী বিক্ৰেতাৰ পৰা সংগ্ৰহ কৰা তথ্য অনুসৰি কেৱল যোৰহাটতে ৮০ কোটি টকাৰ বাটি-ছেট বিক্ৰী হৈছে৷
সমগ্ৰ অসমত বাটি-ছেটৰ হৈছে আঢ়ৈ কোটিৰো আধিক টকাৰ বেপাৰ৷ শোণিতপুৰ, নগাঁও আদিতো লাখে লাখে টকাৰ বিটি-ছেট বিকিছে দোকানীয়ে৷
এই বাটি-ছেটবোৰৰ বেছিভাগেই শিলিগুৰিৰ পৰা আহিছে৷ পাইকাৰী বেপাৰীয়ে আচলতে কেজি হিচাপত এইবোৰ সামগ্ৰী অসমলৈ সৰবৰাহ কৰিছে৷
পশ্চিমবংগৰ পৰাও আইনাৰ বাটি ৰে’লত আহিছে৷ তাৰ পিছত অসমৰ দোকানীৰ পৰা বিয়াত উপহাৰ দিবলৈ বাটি-ছেটেই কিনিছে নিমন্ত্ৰিতই৷ ৫০ বা ৫০ টকা দামত তেওঁলোকে কিনিছে আইনাৰ বাতি৷
গতিকে যিমানে ঠাট্টা নকৰিলেও অসমৰ বিয়াৰ মূল আকৰ্ষণ হৈ আছে বাটি-ছেটেই৷