৩৩ বছৰীয়া অভিনেত্ৰীৰ প্ৰেমপ্ৰস্তাৱ

অভিনেত্ৰীগৰাকী প্ৰজ্ঞা জয়ছোৱাল৷ অৱশ্যে তেওঁ এখনো ছুপাৰহিট চিনেমাৰ নায়িকা নহয়৷ কিন্তু ৰেম্পত লয়লাস ভংগীৰে খোজ দিয়াত অভ্যস্ত মডেল প্ৰজ্ঞা৷ পিছে অভিনয় বা মডেলিঙৰ বাবে প্ৰজ্ঞা চৰ্চিত হৈ পৰা নাই৷ তেওঁ শিৰোনাম দখল কৰিছে এটা বিশেষ প্ৰেম প্ৰস্তাৱৰ বাবেহে প্ৰজ্ঞাই বৰ্তমান প্ৰেম প্ৰস্তাৱ দিছে ক্ৰিকেটাৰ শুভমন গিলক ক্ৰিকেটাৰ শুভমনৰ প্ৰেমত হাবুডুবু খাইছে অভিনেত্ৰীগৰাকীয়ে৷ কিন্তু তেওঁ আকৌ শুভমনতকৈ কেবাবছৰে ডাঙৰ ক্ৰিকেটাৰজন মাত্ৰ ২৫ বছৰীয়া পিছে প্ৰজ্ঞাৰ বয়স বৰ্তমান ৩৩৷ তথাপি শুভমনকে স্বামীবৰণ কৰিব বুলি শপত খাইছে প্ৰজ্ঞাই৷ বয়সৰ বাধা নেওচি শুভমন গিলৰ সৈতে বিবাহত আবদ্ধ হ’বলৈ মনে মনে সাজু হৈছে অভিনেত্ৰীগৰাকী৷ অৱশ্যে বিবাহৰ পূৰ্বে কিছুদিন ডেটিং কৰিবলৈ বিচাৰিছে প্ৰজ্ঞাই৷ কিন্তু এই বিষয়ত এতিয়ালৈ নিশ্চু হৈ আছে শুভমন গিল তেওঁ সন্মতি দিলেই কাষত উপস্থিত হোৱাৰ কথা দিছে প্ৰজ্ঞাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email