বৰ্জনৰ আহ্বান কামত নাহিল কম দামত পাই হিন্দুত্ববাদীয়েও কিনিছে বাংলাদেশী মাল এইটোৱেই সঁচা কথা কেৱল চীনাই নহয়, বাংলাদেশী কাপোৰেৰে ভৰি পৰিছে বজাৰ অনলাইন বজাৰ অথবা ব্ৰেণ্ডেড কোম্পানীৰ শ্বৰূম সকলোতে বিক্ৰী হোৱা ৯০ শতাংশ কাপোৰেই হৈছে মে’ড ইন বাংলাদেশ অৱশ্যে আগৰে পৰাই বাংলাদেশৰ কাৰখানাত উৎপাদিত বস্ত্ৰ ভাৰতলৈ আহি আছে যিহেতু দেশখনত শ্ৰমিকৰ মজুৰী কম সেয়ে তাতে কাৰখানা স্থাপন কৰিছে কেলভিন ক্লেইন, এডিডাছ, পুমাৰ দৰে ব্ৰেণ্ডে৷ কিন্তু কিছুদিন পূৰ্বে হিন্দু নিৰ্যাতনৰ প্ৰতিবাদত বাংলাদেশী বস্তু বৰ্জনৰ ঘোষণা কৰিছিল হিন্দত্ববাদী সংগঠনে অসমৰ সীমান্তত থকা সূতাৰকান্দি বাণিজ্য কেন্দ্ৰও প্ৰায় স্থবিৰ হৈ পৰিছে কিন্তু বৰ্তমান বিক্ৰী হোৱা কেলভিন ক্লেইনৰ বেছিভাগ টি-ছাৰ্টেই হৈছে বাংলাদেশৰ ফেক্টৰীত উৎপাদিত একেদৰে এইবাৰ চাহিদা বাঢ়িছে ডেকাথলন কোম্পানীৰ জেকেটৰ সেইবোৰ বাংলাদেশতে তৈয়াৰী টমী হিলফিগাৰ, এইচ এণ্ড এম আজি কোম্পানীৰো বাংলাদেশতে কাৰখানা আছে গতিকে ভাৰতৰ শ্বৰূমলৈ তাৰ পৰাই আহিছে মাল আনহাতে ভাৰতত কাৰখানা থকা ভেন হিউজেনৰ দৰে ব্ৰেণ্ডৰ সামগ্ৰীৰ দামো বেছি গতিকে বাংলাদেশৰ তুলনামূলকভাৱে কম দামৰ বস্তু সকলোৱে বিক্ৰী কৰিছে বৰ্জনৰ হুংকাৰ দিয়া হিন্দুত্ববাদীয়েও কিনিছে বাংলাদেশী মিঞাই তৈয়াৰ কৰা সামগ্ৰী