বৰপেটীয়াই কি কৰিবলৈ ওলাইছে?

মাঘতে একেবাৰে কাতি বিহুৰ নিয়মখিনিও কৰি দিলে খেলেই খটম৷ তিনিওটা বিহু একেলগেও পতা হ’ব৷ খৰচো কমিব৷ কথাটো আমি এনেয়ে কোৱা নাই৷ তথ্যৰ আধাৰতহে কৈছোঁ৷ সঁচাকৈ ক’বলৈ গ’লে ভাষাটো ধ্ৰুপদী হ’ল৷ কিন্তু জাতিটো বিজতৰীয়া হ’ল তাৰ প্ৰমাণ হৈছে বৰপেটাৰ বৰনগৰত পতা মাঘ বিহুৰ উৎসৱ সৰভোগৰ ওচৰৰ বৰনগৰত আয়োজন কৰা হৈছে মাঘী উৎসৱ ক্ৰমাগত ষষ্ঠটো বছৰৰ বাবে গান্ধী ভৱনত এই উৎসৱ পতা হৈছে সেইখিনিলৈ সকলো ঠিকেই আছে কিন্তু আয়োজকে মাঘী উৎসৱত সদৌ অসম বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰিছে মাঘ বিহুত বিহুৱতী প্ৰতিযোগিতাইহে লগাইছে গণ্ডগোল৷ ঘোষণা পত্ৰ অনুসৰি নামনি বিহুৱতী নামৰ প্ৰতিযোগিতাখন এইবাৰ বৰনগৰত অনুষ্ঠিত হ’ব য’ত থাকিব সৰু বিহুৱতী, বোৱাৰী বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আয়োজকে প্ৰতিযোগিতাত বিজয়ীসকলক আঢ়ৈ হাজাৰৰ পৰা ৩০ হাজাৰ টকালৈ প্ৰাইজমানী দিব কিন্তু কথাটো হৈছে অসমৰ লোকসংস্কৃতিৰ কোনখন কিতাপত ভোগালী বিহুত বিহু নাচৰ কথা আছে? প্ৰকৃতপক্ষে উজনি অসমৰ লোকাচাৰৰ সৈতে নামনিৰ পাৰ্থক্য আছে৷ কিন্তু মাঘী পাণ্টা খোৱা, মেজি জ্বলোৱা আদিৰ দৰে গৌৰৱময় ঐতিহ্যক এৰি কিয় ভোগালীত বিহুনাচৰ আয়োজন কৰা হৈছে সেয়াহে ডাঙৰ কথা এই প্ৰতিযোগিতাখনে প্ৰমাণ কৰিছে অসমীয়াৰ সংস্কৃতিৰ বিধ্বস্তৰূপ আমি আহ্বান জনাইছোঁ- সিদ্ধান্ত পুনৰ বিবেচনা কৰক আয়োজকে

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial