চৰাইবোৰে দেখোন সোনকালেই সাৰ পায়৷ সেইটোনো কি ডাঙৰ কথা? না, নহয়৷ বুধবাৰে ৰাতিটো শোৱাই নাছিল চৰাইবোৰ, সাৰে আছিল পক্ষীকুল৷ ওৰেনিশা পক্ষীকুলে তপস্যা কৰিছিল
প্ৰাৰ্থনা কৰিছিল দম্মাৰাজু গুকেশৰ বিজয় কামনাৰে অহ ৰ’ব, মাত্ৰ ১৮ বছৰীয়া ডি গুকেশ নামৰ যুৱকজনে কিন্তু পক্ষীকুলৰ দৰেই ভাবি আছিল বৃহস্পতিবৰীয়া পুৱাৰ ৰং হ’ব কি? আকৌ তেওঁ বিষণ্ণতাৰ বেঙুনীয়া চাদৰ উৰুৱাই কন্দুৱাব নেকি জম্বুদ্বীপ নামৰ প্ৰাচীন ভৃখণ্ডৰ বাসিন্দাক? নে বিলম্বিত উৎসৱৰ উচ্ছল ক্লান্তিৰে আদৰিব নতুন সূৰ্যোদয়? বুধবাৰৰ সেই ৰজঃস্বলা সন্ধ্যাত গুকেশে ঠিক কৰি আছিল দবাৰ চালবোৰ ঘোঁৰাটো আগুৱাই বিপক্ষৰ পিলি কাটিব নে ৰজাৰ সন্মুখত থিয় হৈ ক’ব চ্চেক! গুকেশেটো নাজানে- প্ৰাচীন কামৰূপৰ এজন মানুহৰ কথা যি এহাত ডাবাত কৈছিল শতৰঞ্জৰ কাহিনী৷ সৌৰভ কুমাৰ চলিহা নামৰ মানুহজনক চিনি পোৱাহেঁতেন কিজানি গুকেশৰ বাবে সহজ হ’লহেঁতেন বিশ্ববিজয় ভাৰতৰ ডি গুকেশ নামৰ ১৮ বছৰীয়া ল’ৰাটোৱে চীনা প্ৰতিদ্বন্দ্বীক হৰুৱাই দবাৰ ১৮ নম্বৰ বিশ্ব চেম্পিয়নৰ খিতাপ আৰ্জিলে কিন্তু কথাটো জানো ইমান সহজকৈ ক’ব পাৰি! শতৰঞ্জৰ আগ্নেয় গুটিবোৰক অৱলীলাক্ৰমে শিকলি পিন্ধাই গুকেশে ব’ৰ্ডত লিখিছিল কবিতাৰ দৰে কোমল চ্চাল প্ৰস্তৰ কাঠিন্যৰ পৰা নিষিদ্ধ মুভলৈ সৰ্বত্ৰ আছিল গুকেশৰ অনায়াস বিচৰণ মহাভাৰত ভাল পাব পাৰে, গুকেশে কিন্তু পাশাখেলত শকুনিয়ে কৰাৰ দৰে অন্যায়ো নকৰিলে চীনা প্ৰতিদ্বন্দ্বীৰ মুঠতে আমাৰ ল’ৰাকনে বিশ্ব জিনিলে